USUniversities : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আমেৰিকাৰ কঠোৰ অনুপ্ৰৱেশ নীতিৰ বাবে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত আমেৰিকাৰ বিশ্ববিদ্যালয়ত শিক্ষা গ্রহণৰ প্রতি আগ্রহ কমি আহিছে। এই কথা প্রকাশ কৰিছে আমেৰিকা চৰকাৰৰ এক প্রতিবেদনত।
প্রতিবেদন অনুসৰি ২০২৫-২৬ শিক্ষাবর্ষত আমেৰিকাৰ মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত ১৫ শতাংশ হ্রাস পাইছে। আমেৰিকা চৰকাৰৰ তথ্য অনুসৰি বিগত এটা বছৰত দেশখনত সক্রিয় ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্রায় ১৩.৫ শতাংশ হ্রাস পাই ৩১৬,৮৯৩ লৈ হ্রাস পাইছে।
প্রতিবেদনত উল্লেখ কৰা হৈছে যে আটাইতকৈ উল্লেখযোগ্য হ্রাস ‘স্নাতকোত্তৰ’ পৰ্যায়ত দেখা গৈছে। তথাপিও ভাৰত আমেৰিকাত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ আগশাৰীৰ উৎস হৈয়েই আছে।
স্টুডেন্ট এন্ড এক্সচেঞ্জ ভিজিটৰ ইনফর্মেশ্যন চিষ্টেমৰ তথ্য অনুসৰি ২০২৫ ৰ অক্টোবৰত আমেৰিকাত ৩৬৬,২৫৮ জন ভাৰতীয় ছাত্র-ছাত্রী আছিল; ২০২৬ ৰ অক্টোবৰলৈকে এই সংখ্যা প্রায় ১৩.৫ শতাংশ হাসবে ৩১৬,৮৯৩ হৈছিল।
প্রতিবেদনত কোৱা হৈছে যে কঠোৰ অনুপ্ৰৱেশ নীতিৰ দ্বাৰা কেৱল ভাৰতীয় ছাত্র-ছাত্রীয়েই প্রভাবিত হোৱা নাই; সমগ্র বিশ্বৰ ছাত্র-ছাত্রীসকলে আমেৰিকাত অধ্যয়নৰ প্রতি কম আগ্রহ প্রকাশ কৰিছে। মাত্ৰ এবছৰৰ ভিতৰতে আমেৰিকাত আন্তঃৰাষ্ট্ৰীয় ছাত্র-ছাত্ৰীৰ মুঠ সংখ্যা ১,২৮৩,২৪০ৰ পৰা ১,১৯২,৫৭২লৈ হ্রাস পাইছে।
ভাৰতৰ সমান্তৰালকৈ চীনৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও হ্রাস পাইছে। উল্লেখযোগ্য যে
আমেৰিকাত বিদেশী ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ পিছতে চীনে দ্বিতীয় স্থান লাভ কৰিছে। চীনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্রায় ১০.২ শতাংশ হ্রাস পাইছে।
যোৱা বছৰ আমেৰিকাৰ বিশ্ববিদ্যালয়ত ২৪৫,০৩৮ জন চীনা ছাত্র-ছাত্রী আছিল; এই সংখ্যা এতিয়া ২২০,১৫৭ লৈ হ্রাস পাইছে। প্রতিবেদনত উল্লেখ কৰা হৈছে যে মুঠ আন্তঃৰাষ্ট্ৰীয় ছাত্র জনসংখ্যাৰ ভিতৰত ভাৰতৰ অংশ ২৮.৫ শতাংশৰ পৰা প্রায় ২৬.৬ শতাংশলৈ হ্রাস পাইছে।
প্রতিবেদন অনুসৰি ভাৰতীয় ছাত্র-ছাত্রীব মাজত এই হ্রাস মূলতঃ স্নাতকোত্তৰ ডিগ্রী কাৰ্যসূচীত দেখা যায়- যিটো স্তৰৰ অধ্যয়নৰ বাবে পৰম্পৰাগতভাৱে বৃহৎ সংখ্যক ভাৰতীয় ছাত্রই আমেৰিকালৈ যাত্রা কৰিছিল।
স্নাতকোত্তৰ কাৰ্যসূচীত নামভৰ্তি কৰা ভাৰতীয় ছাত্র-ছাত্রীৰ সংখ্যা প্রায় ২০ শতাংশ হ্রাস পাই ২৯২,৯২৯ৰ পৰা ২৩৪,০৩৪লৈ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে পি এইচ ডি কাৰ্যসূচীৰ বাবে আবেদন বৃদ্ধি পাইছে, ডি এইচ এছৰ তথ্য অনুসৰি ডক্টৰেট পর্যায়ত ভাৰতীয় ছাত্র-ছাত্রীৰ সংখ্যা ২৮,৬০৯ৰ পৰা ৪১,৭২৯লৈ বৃদ্ধি পাইছে।
স্নাতক কাৰ্যসূচীৰ সন্দৰ্ভত ২০২৫ চনৰ অক্টোবৰত ভাৰতীয় ছাত্র-ছাত্ৰীৰ সংখ্যা ৩৮,৫২২ আছিল,২০২৬ ৰ অক্টোবৰৰ ভিতৰত ৩৬,০১১ লৈ হ্রাস পাইছে। তদুপৰি ট্রাম্প প্রশাসনে অপিটি (ঐচ্ছিক ব্যৱহাৰিক প্রশিক্ষণ) আৰু এছটিইএম সম্প্ৰসাৰণৰ বাবে নতুন মাচুল প্রৱৰ্তনৰ প্রস্তাৱ আগবঢ়াইছে আৰু প্ৰব্ৰজন নীতিও অধিক নিষিদ্ধ হৈ পৰিছে।
আমেৰিকাত ভাৰতীয় মূলৰ নেতাসকলক লৈ গঠিত এন জি অ’ ‘ইন্ডিয়াস্পোৰা’ই নিজৰ প্ৰতিবেদনত এই ধাৰাটোক লৈ উদ্বেগ প্রকাশ কৰি উল্লেখ কৰিছে যে উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যোৱা ভাৰতীয় ছাত্র-ছাত্রীৰ সংখ্যা হ্রাস পাইছে।





























