FinlandTravel : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিশ্বৰে সবাতোকৈ সুখী দেশ ফিনলেণ্ডে সমগ্ৰ বিশ্বৰ অবিবাহিত নাৰী-পুৰুষৰ বাবে এক বিশেষ সুবিধা ঘোষণা কৰিছে। সমগ্ৰ বিশ্বৰ ১৬ নাৰী-পুৰুষক দেশখনে বিনামূলীয়া ভ্ৰমণৰ সুবিধা আগবঢ়াইছে। অর্থাৎ এইসকলে বিনামূল্যে ফিনলেণ্ড ভ্ৰমণৰ সুবিধা পাব।
‘ফিনিছ ডিনাৰ ডে’ট’ শীর্ষক আঁচনিৰ অধীনত অহা বছৰৰ ন ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ সমগ্র বিশ্ব অবিবাহিত ১৬ নাৰী-পুৰুষে ফিনলেণ্ড ভ্ৰমণৰ সূযোগ পাব। এই ভ্রমণৰ সময়ছোৱাত দেশখনে বিনামূল্যে বনৰীয়া মাছ, জামুক আদিৰ লগতে খাদ্য আৰু থকাৰ সুবিধা দিব।
আনকি দেশখনৰ আগশাৰীৰ ৰন্ধনবিদসকলে প্রস্তুত কৰা ৰন্ধন কাৰ্যৰ জুতি ল’ব পাৰিব এইসকলে। বিদেশী অবিবাহিত নাৰী-পুৰুষসকলে এই ভ্ৰমণৰ সময়ছোৱাত হেলছিংকি আৰু টেম্পেৰেত স্থানীয় অবিবাহিত পুৰুষ-নাৰীক সাক্ষাতৰ সুবিধা পাব।
এই সম্পর্কত বিজনেছ ফিনলেণ্ড প্রতিষ্ঠানৰ আন্তর্জাতিক বিপণনৰ জ্যেষ্ঠ সঞ্চালক হেলি জিমেনেজে কয়, ‘ফিনলেণ্ডৰ খাদ্য আমাৰ সুখী জীৱন যাপনৰ এক প্রত্যক্ষ প্রকাশ। আমাৰ খাদ্যৰ স’তে সংশ্লিষ্ট স্থান, ঋতু আৰু মানুহৰ সংযোগ আছে।
খাদ্যই সকলো ফিন লোকক ঐক্যবদ্ধ কৰি ৰাখিছে আৰু এতিয়া আমি আমাৰ এই সুখৰ অংশীদাৰ হ’বলৈ বিশ্বৰ বিভিন্ন দেশৰ ভ্ৰমণকাৰীসকলক আমন্ত্রণ জনাইছো।’ আনহাতে, অবিবাহিত বিদেশী পুৰুষ-নাৰীক ভ্ৰমণৰ বাবে আমন্ত্রণ জনোৱা সম্পর্কত ফিনলেণ্ড চৰকাৰৰ শীৰ্ষ বিষয়াই প্রকাশ কৰিছে যে এই ধাৰণা দেশখনৰ এটা ডেটিং ট্রেণ্ডৰ পৰা অনা হৈছে।
এই বিনামূলীয়া সুবিধা লৈ দেশখন ভ্রমণ কৰিবলগীয়াসকলক পৰম্পৰাগত ছৌনা খাদ্য পৰিবেশন কৰা হ’ব বুলি চৰকাৰে প্ৰকাশ কৰিছে। তেওঁলোকৰ ভ্ৰমণ যাতে সকলো দিশৰ পৰা সুখকৰ হয় তাৰ প্ৰতি লক্ষ্য ৰখা হ’ব বুলিও চৰকাৰে নিশ্চিতি দিছে।
এই সম্পর্কত সংশ্লিষ্ট ভ্রমণ সংস্থাই বিদেশী অবিবাহিত পুৰুষ-নাৰীক দেশখন ভ্রমণলৈ আমন্ত্রণ জনাই কয়, ‘বিশ্বৰ সুখী দেখখনলৈ আহক! ইয়াত আপুনি প্ৰেম বিচাৰি পাব পাৰে। ফিনিছ খাদ্য গ্ৰহণ কৰক আৰু আপোনাৰ প্ৰিয় ভ্রমণস্থলীলৈ যাওক।’
কোনে পাব এই বিনামূলীয়া ভ্ৰমণৰ সুবিধা? ফিনিছ নাগৰিকসকলক বাদ দি বিশ্বৰ যিকোনো দেশৰ প্ৰাপ্তবয়স্ক অবিবাহিত পুৰুষ-মহিলাই এই বিনামূলীয়া ভ্ৰমণৰ বাবে আবেদন জনাব পাৰে। আবেদনকাৰীৰ বয়স ১৮ৰ ঊর্ধ্বৰ হ’ব লাগিব আৰু নিজেই আবেদন জনাব লাগিব। আবেদন গ্ৰহণৰ শেষ তাৰিখ হৈছে অহা ১০ নৱেম্বৰৰ নিশা ১১-৫৯ বজাত।
বাছনিকৃতসকলৰ নাম অহা মহিলা ডিচেম্বৰত সামাজিক মাধ্যমৰ মহিলা ডিচেম্বৰৰ জৰিয়তে ঘোষিত হ’ব। বাছনিকৃতসকলক বিমান ভাড়া, থকা আৰু খোৱাৰ সুবিধা বিনামূল্যে প্রদান কৰা হ’ব। তদুপৰি তেওঁলোকক বিনামূলীয়াকৈ আমোদ-প্রমোদৰ সুবিধা দিয়া হ’ব।





























