দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২০২৭ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’বলগীয়া লোকপিয়লত অসমৰ টাই আহোম সকলক নিজৰ ধৰ্ম ‘তাও’ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে অসম তাও কাউঞ্চিলে ।
চৰাইদেউ জিলাৰ মৰাণৰ সমীপৰ পাটসাঁকোত এক সংবাদমেল সম্বোধন কৰি এই আহ্বান জনাইছে অসম তাও কাউঞ্চিলৰ কেন্দ্ৰীয় সমিতিয়ে । সংবাদমেলত তাও কাউঞ্চিলৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ ফুকন, সম্পাদক হীৰেন ছাঙবুন ফুকন, উপ সভাপতি লাওখ্ৰী ছাঙবুন বৰুৱাকে ধৰি বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকি টাই আহোমসকলৰ তাও ধৰ্মৰ প্ৰাসংগিকতাৰ ওপৰত পৰ্যালোচনা আগবঢ়ায় ।
টাই আহোমসকলৰ ৰীতি-নীতি, পৰম্পৰাৰ আধাৰ তাও ধৰ্ম আৰু সংস্কৃতি স্বৰ্গদেউ চাওলুং ছ্যুকাফাই অসমলৈ লৈ আহিছিল বুলি উল্লেখ কৰি তাও কাউঞ্চিলৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ ফুকনে কয় যে আহোম সকলৰ মৈদাম দিয়া প্ৰথাৰ পৰা আৰম্ভ কৰি আন আন পৰম্পৰাগত অনুষ্ঠানতো তাও ধৰ্ম বিদ্যমান ।
সেয়ে অসমৰ টাই আহোম পৰিয়ালসমূহক লোকপিয়লত নিজৰ ধৰ্ম ‘তাও’ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে তাও কাউঞ্চিলে ।































