NRL’s Ethanol Project:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:শিক্ষিত নিবনুৱা যুৱক-যুৱতী আৰু থলুৱা কৃষক ৰাইজৰ বাবে এক নতুন অর্থনৈতিক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ সপোন দেখুৱাই ব্যাপক প্ৰচাৰ চলোৱা নুমলীগড় শোধনাগাৰৰ বাঁহ ভিত্তিক ইথানল প্রকল্পক কেন্দ্ৰ কৰি এতিয়া উত্থাপন হৈছে বহু প্রশ্ন। প্রায় ৪,৯৩০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই বৃহৎ উদ্যোগে স্থানীয় কৃষকৰ জীৱন-জীৱিকালৈ কিমান পৰিৱৰ্তন আনিলে, বাঁহ খেতিৰ জৰিয়তে গ্রাম্য অর্থনীতিৰ কিমান বিকাশ ঘটিল আৰু প্ৰকল্পটোৰ বাবে প্রয়োজনীয় বাঁহৰ যোগানৰ ক্ষেত্ৰত স্থানীয় কৃষকসকল কিমান উপকৃত হ’ল, সেয়া এতিয়া চৰ্চাৰ বিষয়ত পৰিণত হৈছে।
উল্লেখ্য যে নুমলীগড় শোধনাগাৰ লিমিটেড আৰু ফিনলেণ্ডৰ দুটা কোম্পানী ফর্টাম বিভি আৰু Chempolis Oy-ৰ যৌথ উদ্যোগত আছাম বায় ইথানল প্রাইভেট লিমিটেডৰ অধীনত ২০১৮ৰ পৰাই এই বাঁহভিত্তিক দ্বিতীয় প্ৰজন্মৰ ইথানল প্ৰকল্পৰ কাম আৰম্ভ হৈছিল। ২০২৫ৰ ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রকল্পটো উদ্বোধন কৰিছিল। কিন্তু উদ্বোধনৰ এবছৰৰো অধিক সময় উকলি যোৱাৰ পাছতো প্রকল্পটোৰ নিয়মীয়া বাণিজ্যিক উৎপাদন আৰু স্থানীয় কৃষকৰ পৰা বাঁহ সংগ্ৰহৰ প্রক্রিয়াক লৈ বিভিন্ন সময়ত প্রশ্ন উত্থাপন হৈ আহিছে।
যোৱা ২৫ নৱেম্বৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মাই নুমলীগড় শোধনাগাৰ ওচৰৰ ৰজাবাৰী চাহ বাগিচাৰ ভূমিত স্থাপন কৰিবলগীয়া প্রায় ৭৫০ কোটি
টকীয়া এলএলপি প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ উপৰি নুমলীগড় শোধনাগাৰ পৰিদৰ্শন কৰি শোধনাগাৰৰ সম্প্ৰসাৰণ আৰু আন আন প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়।
এই সময়ছোৱাত বাঁহভিত্তিক বায়’ শোধনাগাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰকল্পটো বর্তমানে দৈনিক দুই-তিনি ঘণ্টাকৈ চলি থকাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে এই প্রকল্পক কেন্দ্ৰ কৰি ২০১৭-১৮ৰ পৰাই নুমলীগড় আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ কৃষকসকলৰ মাজত নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই বাঁহ খেতিৰ প্ৰতি আগ্ৰহী হৈ উঠে। প্রকল্পটোৰ বাবে বছৰি প্রায় পাঁচ লাখ মেট্রিকটন বাঁহৰ প্রয়োজন হ’ব বুলি উল্লেখ কৰি এনআৰএলৰ তৰফৰ পৰা প্রায় ৬০ লাখ বাঁহৰ পুলি উৎপাদন আৰু বিতৰণৰ পৰিকল্পনা গ্রহণ কৰা হৈছিল।
কৃষকসকলক বিনামূলীয়াকৈ বাঁহৰ পুলি প্ৰদান কৰি পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰা বৃহৎ পৰিমাণে বাঁহ ক্ৰয় কৰাৰ আশ্বাসো দিয়া হৈছিল। তাৎপর্যপূর্ণভাবে ২০১৮ৰ ২৬ আৰু ২৭ মার্চত তেতিয়াৰ বোকাখাত মহকুমাৰ ডিফলুপথাৰত নুমলীগড় শোধনাগাৰৰ উদ্যোগত বৰ্ষাৰণ্য প্রতিষ্ঠান (আৰএফআৰআই)ৰ বিজ্ঞানীসকলৰ পৰামৰ্শ অনুসৰি কাজিৰঙাৰ কিনাকা নামৰ সংগঠনৰ সদস্য আৰু স্থানীয় গাঁওবাসীৰ সহযোগত প্রায় ২০ বিঘা ভূমিত বাঁহৰ পুলি ৰোপণ কৰা হৈছিল।
বাঁহ খেতিৰ বৈজ্ঞানিক পদ্ধতি, পুলিৰ প্রতিপালন আৰু উৎপাদন বৃদ্ধিৰ সন্দৰ্ভতো প্রায় ৩০ জন কৃষকক প্রশিক্ষণ প্রদান কৰা হৈছিল; কিন্তু স্থানীয় একাংশ লোকৰ অভিযোগ অনুসৰি বৰ্তমানে সেই ২০ বিঘা ভূমিত পূর্বে ৰোপণ কৰা বাঁহগছৰ অস্তিত্ব বিচাৰি পোৱাটো কঠিন হৈছে। লক্ষ্যণীয় যে ২০১৮ ৰ মাৰ্চত বাঁহগছ পুলি ৰোপণৰ বাতৰি কে’বাখনো বাতৰি কাকতত প্রকাশ পালেও স্থানীয় ৰাইজে উক্ত স্থানসমূহৰ সন্ধান উলিয়াব পৰা নাই।
ইপিনে, গোলাঘাট জিলাৰ বোকাখাত, খুমটাই, কমাৰগাঁও, গেলেকীয়াল, কচুপথাৰ, চকলা, বৰপথাৰ, বনগাঁও, বাদুলিপাৰ, বৰুৱাগাঁও, ঠেঙালগাঁও আৰু মৰঙি মৌজাৰ কোন অঞ্চলত প্রকল্পটোৰ বাবে প্রকৃততে কিমানজন কৃষকক বাঁহৰ পুলি বিতৰণ কৰা হৈছিল, কিমান কৃষকে নিজৰ মাটিত বাঁহ ৰোপণ কৰিছিল আৰু বৰ্তমান কিমান কৃষকৰ বাঁহ বিক্ৰীৰ উপযোগী হৈছে, তাৰ কোনো স্পষ্ট অঞ্চলভিত্তিক তথ্য স্থানীয় ৰাইজৰ মাজত উপলব্ধ হোৱা নাই। ৬০ লাখ বাঁহৰ পুলি বিতৰণৰ কথা প্ৰচাৰিত হোৱাৰ পাছতো এই বৃহৎ সংখ্যক পুলিৰ বিতৰণ, ৰোপণ আৰু বৰ্তমানৰ স্থিতিৰ পূৰ্ণাংগ হিচাপ ৰাজহ্বা নোহোৱাটোৱে তাৎপর্য বহন কৰিছে।
উল্লেখ্য যে এনআৰএলৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে ২০২৫ৰ ছেপ্টেম্বৰত প্ৰকাশ কৰা বক্তব্য অনুসৰি, এনআৰএলে কৃষকৰ পৰা প্ৰতিডাল বাঁহ ৬৫-৭০ টকা দৰত বৃহৎ পৰিমাণে ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছিল। বজাৰত এটা বাঁহৰ পুলিৰ মূল্য ২৭ টকা হ’লেও কৃষকক বিনামূলীয়াকৈ পুলি প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিল। কৃষকসকলে পোনপটীয়াকৈ প্রকল্পটোত অথবা বাঁহ কটা কামৰ দায়িত্বত থকা স্থানীয় উদ্যোগীসকলৰ জৰিয়তে বাঁহ যোগান ধৰিব পাৰিব বুলিও তেওঁ আশ্বাস দিছিল।
আনহাতে, এনআৰএলৰ অধ্যক্ষ ৰঞ্জিত ৰথে জানিবলৈ দিছিল যে প্রকল্পটোৰ বাবে প্রয়োজনীয় বাঁহ বা বাঁহৰ টুকুৰা মূলতঃ শোধনাগাৰৰ ২৫০-৩০০ বর্গ কিলোমিটাৰ ব্যাসার্ধ্ব ভিতৰত থকা কৃষকসকলৰ পৰা আৰু আংশিকভাৱে মেঘালয় তথা অৰুণাচল প্ৰদেশৰ পৰা সংগ্ৰহ কৰা হ’ব। অসম চৰকাৰৰ সহযোগত টিছু কালচাৰ পদ্ধতিৰে বৃহৎ পৰিমাণৰ বাঁহৰ পুলি উৎপাদনৰ ব্যৱস্থাও গ্রহণ কৰা হৈছিল।
কিন্তু প্রকল্পটোৰ বাবে স্থানীয় কৃষকক প্রতিডাল বাঁহৰ বিনিময়ত ৬৫-৭০ টকাকৈ দিয়াৰ আশ্বাসৰ বিপৰীতে বর্তমানে নুমলীগড়, খুমটাই আৰু বোকাখাতৰ একাংশ অঞ্চলৰ কৃষকে নিজৰ বাঁহ অতি কম মূল্যত বহিঃৰাজ্যৰ ব্যৱসায়ীৰ হাতত বিক্ৰী কৰিবলগীয়া হোৱা বুলি অভিযোগ উত্থাপন হৈছে।
স্থানীয় একাংশ লোকৰ ভাষ্য অনুসৰি, খুমটাই আৰু বোকাখাত বিধানসভা সমষ্টিৰ কে’বাখনো গাঁৱৰ পৰা প্ৰতিটন বাঁহৰ বিনিময়ত প্রায় দুহেজাৰ টকা লাভ কৰি মধ্যভোগীৰ জৰিয়তে মধ্যপ্ৰদেশৰ আমলাই অঞ্চললৈ বাঁহ প্ৰেৰণ কৰা হয়। ইয়াতেই উত্থাপন হৈছে আন এক গুৰুত্বপূৰ্ণ প্রশ্ন। ৪,৯৩০ কোটিটকীয়া প্রকল্পটোৰ বাবে বছৰি প্রায় পাঁচ লাখ মেট্রিকটন বাঁহৰ প্ৰয়োজন হ’ব বুলি কোৱা হৈছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে।
ADVERTISEMENT






























