মহাব্যাধী কৰ’না ভাইৰাছ সংক্ৰমণৰ আশংকাত ত্ৰস্তমান নগাঁওবাসী। বিশেষকৈ দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানত অংশ লোৱা নগাঁৱৰ এজন লোকৰ উপৰি আন একাংশৰ দেহত ক’ভিড-১৯ভাইৰাছ সংক্ৰমণ স্বাস্থ্য বিভাগে আশংকা কৰাৰ পাছত জিলাখনত তীব্ৰ আতংকই বিৰাজ কৰিছে। উল্লেখ্য যে দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানত নগাঁৱৰ অৰ্ধশতাধিক লোকে অংশগ্ৰহণ কৰিছিল আৰু তাৰ ভিতৰৰ একাংশ লোকে ঘৰলৈ ওভটি আহি স্বাস্থ্য পৰীক্ষা নকৰাকৈ কিম্বা হোম কোৱাৰেণ্টাইন নকৰাকৈ ঘূৰা-ফূৰা অব্যাহত ৰাখিছিল ।ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া জিলাখনৰ গাঁৱে গাঁৱে, গলিয়ে গলিয়ে আতংকিত জনতাউ গাঁৱ তথা গলিৰসমূহৰ প্ৰৱেশ পথত বাঁহ বান্ধি গাঁৱৰ বা সংশ্লিষ্ট এলেকাৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ।
আনহাতে,বহি:ৰাজ্যৰ পৰা ওভটি আহি স্বাস্থ্য পৰীক্ষা নকৰাকৈ, হোম কোৱাৰেন্টাইন নথকাকৈ থকা মুঠ ১৬৭ জন লোকক জিলা প্ৰশাসনে কে’বাখনো চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰি হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়ে|
ইপিনে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত দুজন আৰু উজৰাগাঁও চিকিৎসালয়ৰ আছুতীয়া কক্ষত ১৩ জনক ভৰ্তি কৰোৱা হৈছে। জিলা খনৰ ভিন্ন চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি হৈ থকা ছজন লোকৰ নমূনাৰ পৰীক্ষাৰ প্ৰতিবেদন আজি প্ৰকাশ পাই আৰু এই লোকসকলৰ দেহত ক’ভিড-১৯ ভাইৰাছ নথকাটো নিশ্চিত হৈছে।আজিও জিলা খনৰ বিভিন্ন চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি হৈ থকা লোকসকলৰ নমূনা সংগ্ৰহ কৰি থকা হৈছে।