কৰ’না মহামাৰীৰ আতংকৰ সময়তে বিশ্বৰ বিভিন্ন দেশত অব্যাহত আছে ক’ভিড ১৯ ৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ চেষ্টা ৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ডেঙ্গু, এইচ আই ভিৰ দৰে কৰ’না ভাইৰাছৰ প্ৰতিষেধকো কোনো দিনে উদ্ভাৱন নহ’ব । কাৰণ কৰ’নাৰ ১০২ টা ঔষধৰ ওপৰত ইতিমধ্যে গৱেষণা চলিছে ৷ ইয়াকে আঠটা ঔষধৰ মানৱ শৰীৰৰ প্ৰয়োগ কৰা হৈছে । বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়া ডেভিড নাবাৰোয়ে কয় যে এনে কিছু ভাইৰাছ আছে যাক প্ৰতিৰোধ কৰিবলৈ টিকা বা ঔষধ আৱিষ্কাৰ কৰিব পৰা নাই।
লগতে বিশ্ব স্বাস্থ্য সংস্থাই অনাগত দিনত,সমগ্ৰ বিশ্বত কৰ’না মহামাৰীৰ সংক্ৰমণলৈ লক্ষ্য কৰিলে এই ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ কোনো ঔষধ আৱিস্কাৰ নহ’লে ভৱিষ্যতৰ পৰিস্থিতিক লৈ আশংকা প্ৰকাশ কৰিছে। কিন্তু বিশেষজ্ঞসকলৰ মতে কৰ’না ভাইৰাছৰ প্ৰতিষেধক নোলোৱাটোত ব্যতিক্ৰম ঘটনা নহয় ।কাৰণ অতীততো এনে ধৰণৰ ঘটনা সংঘটিত হৈ আছে ৷ বিশ্বত এইচ আই ভি য়ে চাৰি দশক অতিক্ৰম কৰিলে ৷ কিন্তু এতিয়াও কোনো প্ৰতিষেধক ওলোৱা নাই। বিগত ৪০ বছৰত প্ৰায় তিনি কোটিৰো অধিক লোকৰ মৃত্যু হৈছে এইচ আই ভিত ৷ কিন্তু এতিয়াও ডেংগুৰ প্ৰতিষেধক আৱিস্কাৰ হোৱা নাই । গতিকে এইচ আই ভিৰ দৰে কৰ’নাৰ প্ৰতিষেধক নোলাব বুলিয়েই আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।
ADVERTISEMENT