ক’ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশৰ ৰাজকোষৰ মুঠি টান কৰিবলৈ অহা এবছৰ দেশত কোনো নতুন প্ৰকল্প গ্ৰহণ নকৰে কেন্দ্ৰীয় চৰকাৰে ৷ দেশজুৰি কৰ’না সংক্ৰমণৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চৰকাৰী ব্যয় বৃদ্ধি পোৱাৰ ফলস্বৰূপে সংকোচনৰ বাবেই এনে সিদ্ধান্ত লৈছে বিত্ত মন্ত্ৰণালয়ে । এক টোকাত এইদৰে প্ৰকাশ কৰে মন্ত্ৰণালয়ে ৷ তদুপৰি অনুমোদনৰ বাবে নতুন কোনো ধৰণৰ প্ৰকল্পৰ অনুৰোধ মন্ত্ৰণালয়লৈ প্ৰেৰণ নকৰিবলৈ কোৱা হৈছে সকলো মন্ত্ৰণালয়ক ৷
কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ এক টোকাত এইদৰে উল্লেখ কৰা হৈছে, ক’ভিড-১৯ ভাইৰাছ সংক্ৰমণৰ বাবে যি বিশ্ব মহামাৰীয়ে দেখা দিছে তাৰত মোকাবিলাৰ বাবে চৰকাৰী ৰাজকোষৰ ওপৰত অভূতপূৰ্ব চাপ পৰিছে, চাপ বৃদ্ধি হৈ আছে । কাৰণ সংক্ৰমণৰ মোকাবিলা কৰাটো এই সময়ৰ সৰ্ববৃহৎ প্ৰয়োজন হৈ উঠিছে ।
এই সময়ছোৱাত কোন কোন প্ৰকল্পত ব্যয় কৰা হ’ব সেই বিষয়েও জনোৱা হৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে জনোৱা মতে ইয়াৰ ভিতৰত প্ৰথমতে আছে প্ৰধানমন্ত্ৰীৰ দৰিদ্ৰ কল্যাণ পেকেজ। তদুপৰি শেহতীয়া ঘোষিত আত্মনিৰ্ভৰ ভাৰতৰ অধীনস্থ প্ৰকল্পসমূহৰ বাবদ ধনৰ আৱন্টন দিয়া হ’ব বুলি জনাইছে মন্ত্ৰণালয়ে । এইসমূহৰ বাদে চলিত বিত্তীয় বৰ্ষত আন কোনো প্ৰকল্পৰ ব্যয়ত আৱন্টনৰ প্ৰস্তাৱত অনুমোদন দিয়া নহ’ব ৷ লক্ষ্যণীয়ভাৱে এইবাৰৰ কেন্দ্ৰীয় বাজেটত নতুনকৈ ঘোষণা কৰা প্ৰকল্পসমূহত আগন্তুক ৩১ মাৰ্চ পৰ্যন্ত ব্যয়ৰ অনুমোদন দিয়া নহ’ব বুলি মন্ত্ৰণালয়ে স্পষ্ট কৰি দিয়ে।





























