আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গোলাঘাট জিলাৰ ৩ কৃতিমান শিক্ষাৰ্থীয়ে ষষ্ঠ আৰু নৱম স্থান অধিকাৰ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই তিনিওগৰাকীয়ে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ৷গোলাঘাট চেক্ৰেট হাৰ্ট হাইস্কুলৰ ছাত্ৰী হৰিদ্ৰা বৰাই ষষ্ঠ স্থান,গোলাঘাট জাতীয় বিদ্যালয়ৰ নীহাৰিকা ভৰাঁলী আৰু কাকডোঙা শংকৰদেৱে শিশু নিকেতনৰ ৰাজদ্বীপ বৰুৱাই নৱম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ষষ্ঠস্থান অধিকাৰ কৰি হৰিদ্ৰা বৰাই ইংৰাজীত ৯৯,অসমীয়াত ৯৭,সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯৮ ,সমাজ বিজ্ঞানত ৯৭ আৰু ভূগোলত ৯৭ লাভ কৰে ৷
গোলাঘাট জাতীয় বিদ্যালয়ত ছাত্ৰী নিহাৰিকা ভঁৰালীয়ে ইংৰাজীত ৯৫ ,অসমীয়াত ৯৯,সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯৭,সমাজ বিজ্ঞানত ৯৪ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰে ৷কাকডোঙা শংকৰদেৱ শিশু নিকেতনৰ ৰাজদ্বীপ বৰুৱাই ইংৰাজীত ৯২,অসমীয়াত ৯৭,সাধাৰণ গণিতত ৯৯,সাধাৰণ বিজ্ঞানত ৯৯,সমাজ বিজ্ঞানত ৯৮ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰে৷ ইফালে,প্ৰকৃতি পৰিবেশ সুৰক্ষাৰ হকে কাম কৰাৰ সংকল্প ষষ্ঠ স্থানপ্ৰাপ্ত হৰিদ্ৰাৰ ৷সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত হৰিদ্ৰাই কয় যে প্ৰকৃতি আৰু পৰিবেশ সুৰক্ষাৰ হকে নিষ্ঠাৰে সেৱা আগবঢ়ালে সমগ্ৰ মানৱ জাতিৰে কল্যাণ সাধন হ’ব ৷
ছাত্ৰী গৰাকীয়ে নিতৌ ১০/১২ ঘন্টাকৈ অধ্যয়ন কৰিছিল। গীত নৃত্য আদিতো বিশেষ ঢাউতি আছে হৰিদ্ৰাৰ। ছাত্ৰীগৰাকীয়ে তেওঁৰ সফলতাৰ আঁৰত শিক্ষক শিক্ষয়িত্ৰী,পিতৃ মাতৃ,আইতাকৰ অৱদানক স্বীকাৰ কৰিলেও মাতৃৰ অৱদান থকা বুলি প্ৰকাশ কৰে ৷গোলাঘাট জাতীয় বিদ্যালয়ৰ নীহাৰিকা ভৰাঁলীয়ে নিজকে চিকিৎসকৰূপে প্ৰতিষ্ঠা কৰিব বিচাৰে। ছাত্ৰীগৰাকীয়ে সম্প্ৰতি বিজ্ঞান শাখাত নামভৰ্তি কৰিব ৷নৱম স্থান লাভ কৰা ৰাজদ্বীপ বৰুৱায়ো বিজ্ঞান শাখাত নামভৰ্তি কৰিব ৷
তেওঁ ভৱিষ্যতে দেশ আৰু সমাজৰ বাবে কাম কৰাৰ হেঁপাহ পুহি ৰাখিছে।উল্লেখযোগ্য যে গোলাঘাটৰ অগ্ৰণী শিক্ষানুষ্ঠানৰ চেক্ৰেট হাৰ্ট হাইস্কুলৰ পৰা ৯৫ গৰাকীৰ ভিতৰত প্ৰথম বিভাগত ৭৩ গৰাকীৰ ভিতৰত ২০ গৰাকীয়ে ডিষ্টিংশ্যন,২৩ গৰাকীয়ে ষ্টাৰ,দুজনে দ্বিতীয় আৰু দুজনে তৃতীয় স্থান লাভ কৰে ৷গোলাঘাট জাতীয় বিদ্যালয়ৰ নীহাৰিকা ভৰাঁলীয়ে অসমৰ ভিতৰত নৱম স্থান অধিকাৰ কৰি গৌৰৱ কঢ়িয়াই অনাৰ লগতে বিদ্যালয়খনৰ পৰা অৱৰ্তীণ হোৱা ৮৯ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত ৭০ গৰাকী উত্তীৰ্ণ হয় ৷
ইয়াৰে ২০ গৰাকীয়ে ডিষ্টিংচন আৰু ২৪ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে ।দ্বিতীয় বিভাগত ১৫ গৰাকী আৰু তৃতীয় বিভাগত ৩ গৰাকী উত্তীৰ্ণ হয়। বিদ্যালয়খনৰ পৰা অসমীয়াত ৩৬ গৰাকীয়ে,ইংৰাজীত ৫১ ,সাধাৰণ গণিতত ২৯,সাধাৰণ বিজ্ঞানত ৩০,সমাজ বিজ্ঞানত ৩৮,হিন্দীত ১১,বুৰঞ্জীত ২০,উচ্চ গণিতত ১০,নৃত্যত এজনে লেটাৰ নম্বৰ লাভ কৰে ৷