এগৰাকী ৩০বছৰীয়া মহিলা । লয়লাস দেহ ভংগীমাৰে এগৰাকী সুন্দৰী মহিলা । বিয়াৰ ৯বছৰ হ’ল । স্বামীৰ স’তেও চলি আছিল সুখৰ সংসাৰ । কিন্তু তাতেই লাগিল অথন্তৰ । মহিলা গৰাকীৰ তলপেটত হঠাতে আৰম্ভ হ’ল তীব্ৰ বেদনা ।বেদনাৰ উপশম বিচাৰি হাস্পতালত ভৰ্তি হয় মহিলাগৰাকী । মহিলা গৰাকীয়ে তলপেটৰ বিষক লৈ কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু কৰ্কট হাস্পতালৰ কৰ্কট ৰোগ বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে । ডক্টৰে পৰীক্ষা কৰাৰ পাছত আৰ কাপোৰ উঠে সমগ্ৰ ঘটনাটোৰ পৰা । বিবাহিতা মহিলাগৰাকী প্ৰকৃততে ‘টেষ্টিকিউলাৰ’ কৰ্কটত আক্ৰান্ত । মহিলাগৰাকীৰ এই ৰোগৰ বিষয়টো সন্মুখলৈ অহাৰ পাছতে মহিলাগৰাকীতকৈ দুবছৰে সৰু ভগ্নী গৰাকীৰো স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু স্বাস্থ্যপৰীক্ষাৰ ফলাফলত ভগ্নী গৰাকীও একে ৰোগত আক্ৰান্ত । একে উপসৰ্গ ধৰা পৰিছে এই দুই ভগ্নীৰ দুগৰাকী মাহীমাকৰ ক্ষেত্ৰতো ।
চিকিৎসকে জনোৱা অনুসৰি ২২হেজাৰ জনৰ মাজত এজনৰ ক্ষেত্ৰত এনে লক্ষণ দেখিবলৈ পোৱা যায় । এনে অৱস্থাত কোনো লোক শাৰীৰিক দিশৰে দেখিবলৈ মহিলাৰ দৰে হ’লেও প্ৰকৃততে তেনে লোকজন পুৰুষহে । এনে ক্ষেত্ৰত তেনে মহিলাৰ শৰীৰত ডিম্বাশয় তথা জৰায়ু নাথাকে । ইয়াৰ বিপৰীতে তেনে মহিলাৰ অণ্ডকোষহে থাকে । ফলত ঋতুস্ৰাৱ নহয় তেনে মহিলাৰ । এই মহিলা সকলে কেতিয়াও সন্তান ধাৰণ কৰিব নোৱাৰে । শৰীৰত অণ্ডকোষ থাকিলেও এনে বহু মহিলাই এই বিষয়ে জানিব নোৱাৰে । যি সময়ৰ লগে লগে কৰ্কট ৰোগৰ কাৰণ হৈ পৰে । এনে মহিলাৰ কণ্ঠস্বৰ ও মহিলাৰ দৰেই । স্তন আৰু যৌনাংগৰ গঠনো মহিলাৰ দৰেই । এনে ধৰণৰ যৌনাংগক ‘ব্ৰাইণ্ড এণ্ডেদ ভেজিনা’ বুলি কোৱা হয় । মহিলাগৰাকীৰ কেৰিঅ’টাইপিং কৰাৰ পাছত ক্ৰোমজ’মৰ গঠন পুৰুষৰ দৰে দেখা পোৱা গৈছিল। বৰ্তমান মহিলাগৰাকীৰ অৱস্থা আশংকাজনক হৈ পৰিছে । আনহাতে, মহিলাগৰাকীৰ ভগ্নীৰ অণ্ডকোষ অস্ত্ৰোপচাৰৰ দ্বাৰা শৰীৰৰ পৰা আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈছে চিকিৎসকে ।































