EmergencyAlert: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: পাহাৰ কাটি পথ নিৰ্মাণ কৰিবলৈ গৈ পুনৰ মহাবিপৰ্যয়। পাহাৰৰ এটা বৃহৎ অংশ ভয়ংকৰ শব্দৰে খহি পৰি নদীৰ গতিপথ অৱৰোধ কৰে।
শনিবাৰে গভীৰ নিশা উত্তৰ ছিকিমৰ মাংগন জিলাৰ তিস্তা আৰু চ্যাকুং নদীৰ সংগমস্থলীৰ সমীপত সংঘটিত এই ঘটনাৰ পাছতে ছিকিমৰ নিম্নাংশত (ডাউনষ্ট্ৰিম) তিস্তা নদী সংলগ্ন অঞ্চলত ‘হাই এলাৰ্ট’ জাৰি কৰা হৈছে।
ভূমিস্খলনৰ পাছত তিস্তা নদীৰে ঘোলা পানী বৈ যাবলৈ আৰম্ভ কৰিছে। ছিকিম প্ৰশাসনে বাসিন্দাসকলক নদী সংলগ্ন অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আৰু নদীৰ ওচৰলৈ নাযাবলৈ বিশেষ সতৰ্কতা জাৰি কৰিছে। দেওবাৰে পুৱাৰ পৰা মাইকযোগে চলিছে সতৰ্কতামূলক প্ৰচাৰ।
মাংগন জিলা প্ৰশাসনে জনোৱা মতে, শনিবাৰে মাজনিশা তিস্তা আৰু চিয়াকুং নদীৰ সংগমস্থলীৰ সমীপত ‘থেং টানেল’ৰ বিপৰীতে থকা নাগা জংঘল অঞ্চলত ‘নাগা-তোসা ৰোড’ৰ নতুন পথ নিৰ্মাণৰ বাবে কটা পাহাৰৰ ঢালৰ বৃহৎ অংশ খহি পৰে। ইয়াৰ ফলত নদী দুখনৰ গতিপথ আংশিকভাৱে অৱৰোধ হয়। তিস্তা নদীৰ স্বাভাৱিক প্ৰবাহ সাময়িকভাৱে ব্যাহত হয়।
প্ৰশাসনৰ বিষয়াসকলে জনোৱা মতে, তিস্তা আৰু চ্যাকুং নদীত পানী জমা হ’লেও তিস্তা নদীৰ প্ৰবাহ স্বাভাৱিক হৈ আছে। নদী দুখনৰ পানী আংশিকভাৱে বৈ আছে। এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।
সঙ্কলং অ’পি আৰু ফিডাং অ’পিত পানীৰ স্তৰ স্বাভাৱিক হৈ আছে যদিও পানী ঘোলা অৱস্থাত আছে। এই কেন্দ্ৰসমূহত নদীৰ জলস্তৰৰ ওপৰত কঠোৰ নজৰদাৰী বৃদ্ধি কৰা হৈছে। আৰক্ষী নিয়ন্ত্ৰণ কক্ষক সতৰ্ক কৰা হৈছে আৰু সতৰ্কতামূলক ব্যৱস্থা হিচাপে নিম্নাংশৰ আশংকাপূৰ্ণ অঞ্চলৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ কোৱা হৈছে।
মাংগন জিলা প্ৰশাসনে ভূমিস্খলনগ্ৰস্ত অঞ্চল আৰু তিস্তা নদীৰ পাৰৰ অঞ্চলৰ পৰিস্থিতিৰ ওপৰত নজৰদাৰী বৃদ্ধি কৰিছে।
ছিকিম প্ৰশাসনৰ বিষয়াসকলে জনোৱা মতে, ভূমিস্খলনৰ ফলত নদীত প্ৰাকৃতিকভাৱে গঠিত হোৱা বান্ধ ভাঙি গ’লে নিম্নাংশলৈ হঠাতে বিপুল জলৰাশি আহি পৰিব পাৰে। এনে পৰিস্থিতিত প্ৰথমে ছিকিমৰ তিনটেক অঞ্চল আৰু পৰৱৰ্তী সময়ত কালিম্পং, ডাৰ্জিলিং আৰু জলপাইগুৰিৰ বিভিন্ন অংশলৈ আকস্মিক বানৰ প্ৰভাৱ পৰিব পাৰে।
পৰিস্থিতিৰ ওপৰত নজৰদাৰীৰ বাবে ছিকিমত আৰক্ষী নিয়ন্ত্ৰণ কক্ষ খোলা হৈছে। তিস্তা নদীৰ নিম্নাংশত ‘হাই এলাৰ্ট’ জাৰি কৰা হৈছে। সাধাৰণ জনতা, শ্ৰমিক, মৎস্যজীৱী আৰু বাহন চালকসকলক নদীৰ পৰা আঁতৰি থাকিবলৈ, মাছ ধৰাৰ পৰা বিৰত থাকিবলৈ আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে নদীৰ ওপৰত থকা উলমা দলং আৰু পদচাৰী দলঙেৰে পাৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।






























