সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰা ভাৰত ধাৰাবাহিকৰূপে নতুন আক্ৰান্তৰ সংখ্যাই অভিলেখ গঢ়িছে । যোৱা ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিক ২৪ হেজাৰ লোকৰ শৰীৰত সংক্ৰমণ ধৰা পৰে। ফলত দেশত মুঠ আক্ৰান্তৰ সংখ্যাই আজি সাত লাখৰ দুৱাৰদলিত উপস্থিত হয়। সংখ্যাৰ এনে দ্ৰুত বৃদ্ধিৰে ভাৰত যিকোনো মুহূৰ্তত ৰাছিয়াক চেৰ পেলাই সৰ্বাধিক আক্ৰান্ত তালিকাত তৃতীয় স্থানত উপস্থিত হোৱাটো অৱধাৰিত হৈছে। প্ৰধানকৈ মহাৰাষ্ট্ৰ, তামিলনাডু,দিল্লী, তেলেংগানা, কৰ্ণাটক, বিহাৰ আৰু অসমত সংক্ৰমণৰ সংখ্যা বৃদ্ধি দ্ৰুত গতিত ঊৰ্ধমুখী হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ে সদৰী কৰে।
লক্ষণীয় যে ভাৰতত বিগত ন দিনত প্ৰতিদিনে নতুন আক্ৰান্তৰ সংখ্যা ১৮ হেজাৰৰ ওপৰত থাকে বুলি স্বাস্থ্যমন্ত্ৰণালয়ৰ পৰিসংখ্যাত তথ্য উন্মোচিত হৈছে। অৱশ্যে দেশত আক্ৰান্তৰ এনে বৃহৎ সংখ্যাৰ বিপৰীতে আধাতকৈ বেছি সংখ্যক লোক সুস্থ হৈ উঠিছে। আজিলৈকে সুস্থ হোৱা লোকৰ সংখ্যা হ’ল ৪,২৪,৪৩২ জন। ইপিনে, সৰ্বাধিক আক্ৰান্তৰ ৰাজ্য মহাৰাষ্ট্ৰত সংক্ৰমিত লোকৰ সংখ্যাই আজি দুই লাখৰ অতিক্ৰম কৰে। ইপিনে, লাখৰ একেবাৰে পদূলিমুখত উপস্থিত হৈছে দিল্লী। সংক্ৰমণৰ এনে দ্ৰুত বৃদ্ধিৰ মাজতে কে’বাখনো ৰাজ্যই নিজাববীয়াকৈ গ্ৰহণ কৰিছে । পশ্চিমবঙ্গই আগন্তুক দুসপ্তাহৰ বাবে দিল্লী, মুম্বাই, পুনে, নাগপুৰ, চেন্নাই আৰু আহমেদাবাদৰ লগত বিমান যোগাযোগ বন্ধ ঘোষণা কৰিছে। চেন্নাইত কঠোৰ নিয়মৰ মাজেৰে তলাবন্ধ শিথিল কৰা হৈছে।






























