- সমগ্ৰ বিশ্বত কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰিছে। বিশ্বত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১ কোটি ৩৩ লাখ ৩৬ হাজাৰ ৬১৬ জনলৈ বৃদ্ধি পাইছে ৷ ইয়াৰ ভিতৰত সুস্থ হৈছে ৭৭,৮২,৭৪৩ জন লোক ৷ আনহাতে মৃত্যু হৈছে ৫ লাখ,৭৭ হাজাৰ,৮৬১ জন ।
- ইপিনে ফ্ৰান্সত কিছুমান ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰে চৰকাৰে ৷ ফ্ৰান্সত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১ লাখ ৭২ হাজাৰ ৩৭৭ জন। মৃত্যু হৈছে ৩০ হাজাৰ ।
- ভেনেজুৱেলাৰ ৰাজধানী কাৰকচ আৰু চুবুৰীয়া ৰাজ্য মিৰাণ্ডাত তলাবন্ধ প্ৰযোজ্য কৰে ৷ দেশখনৰ উপৰাষ্ট্ৰপতি ডেল্সী ৰোড্ৰিগ্যুজে কয় যে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যালৈ চাই তলাবন্ধৰ সিদ্ধান্ত লোৱা হৈছে।
- অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মেৰিচনে কয় যে সংক্ৰমণৰ দ্বিতীয় পৰ্যায়ত দেশত তলাবন্ধ নহয়। প্ৰধানমন্ত্ৰী মেৰিচনে কয় যে দ্বিতীয়বাৰৰ কাৰণে দেশত তলাবন্ধ দিয়া হয় তেন্তে দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাব । গতিকে তলাবন্ধ সঠিক সিদ্ধান্ত নহয়।
- হংকঙত সামাজিক দূৰত্বৰ ক্ষেত্ৰত থকা নীতি নিয়মবোৰ শিথিল কৰি দিছে যদিও কৰ’নাই তৃতীয়বাৰৰ কাৰণে সংহাৰী ৰূপ ধাৰণ কৰাৰ আশংকা অব্যাহত আছে । আনহাতে, হংকঙত ডিজনীলেণ্ড এমাহৰ কাৰণে বন্ধ কৰি দিয়া হৈছে । কাৰণ বিগত একসপ্তাহত পুনৰ ২৩৬ জন কৰ’নাত আক্ৰান্ত হৈছে ৷
- ব্ৰাজিলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে মংগলবাৰে ৪১,৮৫৭ জন কৰ’নাত আক্ৰান্ত হৈছে ৷মৃত্যু হৈছে ১ হাজাৰ ৩০০ জন । ইপিনে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জায়ৰ বোল্সনাৰোয়ে মংগলবাৰে দ্বিতীয়বাৰৰ কাৰণে কৰ’না পৰীক্ষা কৰে । কিন্তু ইয়াৰ ফলাফল ৰাজহুৱা কৰা নাই ৰাষ্ট্ৰপতি বোল্সনাৰোয়ে ।
ADVERTISEMENT