- শনিবাৰে পুৱাই জম্মু কাশ্মীৰৰ চোপিয়াত সেনা সন্ত্ৰাসবাদীৰ সংঘৰ্ষত ৪ টাকৈ সন্ত্ৰাসবাদী নিহত হয় ।অঞ্চলটোত সেনাই চলোৱা অভিযানত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা খবৰ পায় সেনাই সমগ্ৰ অঞ্চলটোত অভিযান চলাইছিল ৷
- অসম আৰক্ষীটো কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ এই পৰ্যন্ত ৭৮৮ গৰাকী আৰক্ষীৰ শৰীৰত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ। ইয়াৰে ৩৭৭ গৰাকী সুস্থ হৈ উঠিছে ৷ আক্ৰান্তসকলক ৰখা হৈছে কোৱাৰেন্টাইনত ৷ এই কথা জনালে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে ৷
- কৰ’নাৰ বিৰুদ্ধে কৰা যুঁজত সফল হৈছে কাৰণ দিল্লীৰ সকলো দল সদস্যই ৰাজনীতিৰ উৰ্দ্ধলৈ গৈ সন্মিলিত ভাৱে কাম কৰিছে৷ এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ আনহাতে কেজৰিৱালে লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ সৈতে কৰ’নাৰ সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মতবিনিময় কৰে ৷
- সমগ্ৰ ৰাজ্যত বানৰ সংহাৰ ৷ এই সময়তে ৰাহুল গান্ধীয়ে অসমবাসীক দুৰ্যোগৰ সময়ত সাহস দি ৰাজ্যবাসীৰ সৈতে আছো বুলি কয় ৷ লগতে ৰাহুল গান্ধীয়ে অসমবাসীয়ে বানৰ বিৰুদ্ধে কৰা আত্মশক্তিৰে কৰা যুদ্ধক প্ৰশংসা কৰে ৷
- শনিবাৰে যোৰহাট মেডিকেল কলেজত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ হাস্পতালখনত উপস্থিত হৈ চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী ড° শৰ্মাই । লগতে পি পি ই কীট পিন্ধি হাস্পতালখনৰ ক’ভিড ৱাৰ্ড আৰু আই চি ইউত প্ৰবেশ কৰে মন্ত্ৰী ড° শৰ্মাই।
- চিআৰপিএফত কৰ্মৰত গহপুৰৰ পদ্মেশ্বৰ দেউৰী নামৰ এজন জোৱানৰ ক’ভিড-১৯ ত আক্ৰান্ত হৈ জম্মু কাশ্মীৰত মৃত্যু হৈছে । চিআৰপিএফৰ উৰ্ধতম কৰ্তৃপক্ষই পৰিয়ালক এই বিষয়ে খবৰ দিয়ে ।অৱশ্যে দেউৰীৰ মৃতদেহ বাসগৃহলৈ প্ৰেৰণ নকৰে ৷
ADVERTISEMENT





























