দেওবাৰে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ১৪ লাখৰ ঘৰ অতিক্ৰম কৰিলে ৷ সম্প্ৰতি দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১৪ লাখ ৩ হাজাৰ ৪০০ লৈ বৃদ্ধি পালে ৷ ইয়াৰ পূৰ্বে বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৫০ হাজাৰ ৭২ হাজাৰ জন লোক ৷ আনহাতে মৃত্যু হৈছে ৭৩০ জন লোক ৷ ইফালে শনিবাৰে কৰ’নাত সংক্ৰমিত হৈছিল ৩৭ হাজাৰ ১২৫ জন লোক ৷ ইয়াৰ পূৰ্বে ২৩ জুলাইত ৩৩হাজাৰ ৩২৬ জন লোক সুস্থ হৈ উঠিছে ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুসৰি বিগত ২৪ ঘন্টাত দেশত ৪৮ হাজাৰ ৬৬১ জন লোক আক্ৰান্ত হৈছে ৷ মৃত্যু হৈছে ৭০৫ জন লোক ৷ আনহাতে আইচিএমআৰৰ মতে দেশত ২৫ জুলাইলৈকে ১কোটি ৬২ লাখ ৯১ হাজাৰ ৩৩১ জন লোকৰ কৰ’না পৰীক্ষা কৰোৱা হৈছে । উল্লেখযোগ্য যে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত এগৰাকী ১০০ বছৰীয়া বৃদ্ধাই কৰ’নাক পৰাজিত কৰে ৷ আৰু তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় । ৰাজ্যখনত ১০০ বছৰীয়া এগৰাকী বৃদ্ধাই কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱা এইয়াই প্ৰথম ঘটনা ৷





























