বিজেপিৰ কমেও ১৬ বিধায়কৰ কাম কাজক লৈ সন্তুষ্ট নহয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল তথা দলীয় নেতৃত্ব ৷ তদুপৰি মিত্ৰ দল অসম গণ পৰিষদৰো আঠজন বিধায়কক লৈ সৃষ্টি হৈছে অসন্তুষ্টিৰ ৷ কৰ’নাৰ সংক্ৰমণৰ মাজতো আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে ৷ কৰ’নাৰ পৰিপেক্ষিতত ৰাজহুৱা সভা সমিতি অনুষ্ঠিত কৰাত থকা নিষেধাজ্ঞা বিকল্প হিচাপে দলে বিভিন্ন ধৰণে নিৰ্বাচনী প্ৰস্তুতি আগবঢ়াই নিছে । তাৰ অংশ হিচাপে ৰাজ্য ১২৪ টা সমষ্টিৰ বিধায়কৰ কাম কাজৰ খতিয়ন অনলাইনৰ জৰিয়তে সংগ্ৰহ কৰিছে ৷ অহা চাৰিমাহলৈ বিজেপিৰ এই প্ৰক্ৰিয়া অব্যাহত থাকিব ৷ কিন্তু এই পৰ্যন্ত যি তথ্য পাতি আহিছে তাৰ আধাৰত বিজেপিৰ কমেও ১৬ জন বিধায়কৰ প্ৰদৰ্শনক লৈ ৰাইজৰ ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হোৱাটো স্পষ্ট হৈছে ৷
একেদৰে মিত্ৰদল অসম গণ পৰিষদৰো আঠজন বিধায়কক লৈ সমষ্টিৰ ৰাইজ সন্তুষ্ট নহয় ৷ উল্লেখযোগ্য যে বৰ্তমান অসম বিধানসভাত ১২৪ জন বিধায়ক আছে । ৰঙাপাৰাৰ বিধায়ক ৰাজেন বৰঠাকুৰ আৰু শিৱসাগৰৰ বিধায়ক প্ৰণৱ গগৈৰ মৃত্যুৰ পাছত নিৰ্বাচনী অনুষ্ঠিত নোহোৱাত সমষ্টি দুটা বিধায়ক শূণ্য হৈ আছে ৷ ইপিনে আঠজন বিধায়কৰ বিষয়টো মিত্ৰ দলটোৰ নেতৃবৃন্দক বিজেপিৰ তৰফৰ পৰা অৱগত কৰা হয় ৷ বিধায়কৰ এনে ৰিপৰ্ট কাৰ্ডে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি মিত্ৰতা আদিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব ৷