আমেৰিকাত ডেৰ লক্ষাধিকৰ মৃত্যু
দেশত প্ৰথমবাৰৰ বাবে ২৪ ঘণ্টাত ৫০ হেজাৰ লোক কৰ’নাৰ চিকাৰ হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই তথ্য প্ৰকাশ কৰিছে। প্ৰথমবাৰৰ বাবে এনে বৃহৎ সংখ্যক লোক ক’ভিড-১৯ ত ভাৰতত আক্ৰান্ত হ’ল। চৰকাৰী পৰিসংখ্যা অনুসৰি বিগত ২৪ ঘণ্টাত ৭৭৫ জনৰ মৃত্যু হৈছে। এই পৰ্যন্ত দেশত আক্ৰান্তৰ হাৰ ১৫,৯০,৪১৮ জন। মৃত্যু হৈছে মুঠ ৩৫,০৪৯ জনৰ আৰু সুস্থ হৈ উঠিছে ১০,২৩,৯১৪ জন। সম্প্ৰতি দেশজুৰি সুস্থতাৰ হাৰ ৬৪.৪৩ শতাংশ। তদুপৰি, ‘পজিটিভিটি টেষ্ট’ ১১.৬৭ শতাংশ।
এই মুহূৰ্তলৈ মুঠ ১,৮১,৯০,৩৮২ টা নমুনা পৰীক্ষা সম্পন্ন হৈছে আৰু ২৪ ঘণ্টাত ৪,৪৬,৬৪২ টা নমুনা পৰীক্ষা সম্পন্ন হৈছে। বিগত ২৪ ঘণ্টাত সৰ্বাধিক সংখ্যক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশ এই পাঁচ ৰাজ্যত বিগত ২৪ ঘণ্টাত মুঠ আক্ৰান্তৰ ৬৬.৪১ শতাংশ আক্ৰান্ত হৈছে। তদুপৰি মৃত্যুৰ হাৰ এই পাঁচৰাজ্যত মুঠ হাৰৰ ৭৪.৫৮ শতাংশ। শেহতীয়া তথ্য অনুসৰি ভাৰতৰ সৰ্ববৃহৎ বস্তি অঞ্চলৰ ১০ জনৰ ভিতৰত ৬ জনৰ শৰীৰত কৰ’নাৰ এন্টিবডী সৃষ্টি হৈছে অৰ্থাৎ এইসকল সংক্ৰমিত হৈ সুস্থ হৈ উঠিছে । বিশ্বৰ ভিতৰতে এয়া সৰ্বাধিক জনসংখ্যাৰ প্ৰতিৰোধ ক্ষমতা বুলি কোৱা হৈছে ।
তথ্য অনুসৰি জুলাইৰ এক সমীক্ষাত মুম্বাইৰ তিনিটা উপকন্ঠ অঞ্চলৰ- ৬,৯৩৬ জনৰ পৰা এই ফলাফল উদ্ধাৰ হয়। দেশজুৰি নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ পাছতো অতি ঘন জনবসতিপূৰ্ণ এই অঞ্চলৰ সংক্ৰমণৰ সংখ্যা তীব্ৰভাৱে হ্ৰাস পায়। ইপিনে, চৰকাৰে ‘আনলক ৩’ ৰ জৰিয়তে সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে তথা কনটেইনমেণ্ট জ’নৰ বাহিৰত থকা জীম আৰু যোগ কেন্দ্ৰসমূহ মুকলি কৰিবলৈ অনুমতি দিয়া হৈছে। অহা আগষ্টৰ শেষলৈ বন্ধ থাকিব মেট্ৰ’ ৰেলসেৱা, চিনেমাহল, চুইমিং পুল, পার্ক, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ আৰু বৃহৎ সংখ্যক লোক সমবেত হ’ব পৰা স্থলীসমূহ ।
ইপিনে, মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানকে ধৰি সাত বিজেপি আৰু দুই বিধায়ক কৰ’নাত আক্ৰান্ত হৈছে। আন্তৰ্জাতিক প্ৰেক্ষাপটত আমেৰিকাত মৃতকৰ সংখ্যাই ডেৰলাখ অতিক্ৰম কৰিলে। ইয়াৰ পাছতে ব্ৰাজিলত ৯০ হেজাৰৰ অধিক মৃত্যু হৈছে। চীনত বিগত ২৪ ঘণ্টাত তিনিমাহৰ ভিতৰত সৰ্বাধিক ১০১ জন আক্ৰান্ত হৈছে ।





























