কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব মানি গছৰ ওপৰত বহি যুৱকে উপভোগ কৰিলে বনভোজৰ আনন্দ । ইংলেণ্ডৰ বাথ অঞ্চলৰ ৰয়েল ভিক্টোৰিয়া পার্কলৈ ছজনীয়া যুৱকৰ দল এটাই ফুৰোবলৈ যোৱাৰ সময়ত হঠাতে চকুত পৰিল এডাল ৬০ফুট উচ্চতাৰ গছৰ একেবাৰে ওপৰৰ ডালত বহি এজন যুৱকে আনন্দ মনেৰে খাই আছে ছেণ্ডুইছ ।
ADVERTISEMENT
যুৱক জনৰ নাম ডাই বেৰো । আন কাৰোলৈ গুৰুত্ব নিদি যুৱকজনে বনভোজৰ আনন্দ লৈ থকা দৃশ্যই পার্কখনত উপস্থিত সকলৰ দৃষ্টি আকৰ্ষণ কৰে । যুৱকে জনে সমগ্ৰ এই ঘটনা নিজৰ ফেচবুক একাউন্টত আপলোড কৰা পাছত ছ’চিয়েল মিডিয়াত চৰ্চিত হৈছে ভিডিঅ’টো । প্ৰায় ২০ হেজাৰ লোকে ভিডিঅ’টো প্ৰত্যক্ষ কৰি লাইক কৰাৰ লগতে মন্তব্যও আগবঢ়াইছে।






























