দেশত কৰ’না ভাইৰাছৰ প্ৰকোপ প্ৰতিদিনেই বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত ৫৫ হেজাৰজন নতুনকৈ সংক্ৰমিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ত এই তথ্য সদৰী কৰে। কালিৰ দিনটোত ৬.৪২ লাখৰ ক’ভিড পৰীক্ষা সম্পন্ন হয়। সম্প্ৰতি দেশত মুঠ ১৬,৯০,৫৯০ জন ক’ভিডত আক্ৰান্ত হৈছে । মৃত্যু হৈছে ৩৬,৪৯৭ জনৰ আৰু সুস্থ হৈ উঠিছে ১০,৯১,০৪৭ জন। সম্প্ৰতি সুস্থতাৰ হাৰ ৬৪.৫৪ শতাংশ। ভাৰতত ১৮৩ দিনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১৬ লাখ অতিক্ৰম কৰিলে।
যোৱা ৩০ জানুৱাৰীত কেৰেলাত প্ৰথমটো সংক্ৰমণৰ ঘটনা সংঘটিত হয়। জুলাইত দেশৰ মুঠ সংক্ৰমণৰ ৬০ শতাংশ আৰু মুঠ মৃত্যুৰ ৫০ শতাংশ ঘটনা সংঘটিত হয়। তলাবন্ধ প্রত্যাহাৰৰ পিছত ক্ৰমাৎ সংক্ৰমণ হয় বুলি কোৱা হৈছে। স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে দেশৰ জনগাঁথনি আৰু মাত্ৰালৈ চাই প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠালৈ ভাৰত নিৰ্ভৰশীল হ’ব নোৱাৰে ।
সম্পূৰ্ণৰূপে ক’ভিড নিয়ন্ত্ৰণৰ বাবে ভাৰত ভেকচিনৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগিব। মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত এইপৰ্যন্ত ১১ হেজাৰ আক্ৰান্ত হয়। একেদৰে কৰ্ণাটকত বিগত ২৪ ঘণ্টাত ৬,১২৪ জন আক্ৰান্ত হয়। মহাৰাষ্ট্ৰৰ পিছতে সৰ্বাধিক আক্ৰান্ত ৰাজ্যসমূহ হৈছে তামিলনাডু আৰু দিল্লী।





























