দেশজুৰি সম্প্ৰতি কৰ’নাৰ সংহাৰী ৰূপ ৷ সোমবাৰে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ১৮ লাখৰ ঘৰ অতিক্ৰম কৰিলে ৷ অন্যহাতে প্ৰথমবাৰৰ কাৰণে ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যাই শীৰ্ষলৈ গতি কৰিছে ৷ সোমবাৰে কেৱল এটা দিনতে দেশত কৰ’নাত আক্ৰান্ত হয় ৫২,৯৭২ জন লোক ৷
আনহাতে ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা মন্ত্ৰণালয়ৰ দাতা অনুসৰি আমেৰিকা আৰু ব্ৰাজিলৰ পাছতে ভাৰতত বিগত ২৪ ঘন্টাত প্ৰায় ৫৩,০০০ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে । ইফালে ভাৰত,আমেৰিকা আৰু ব্ৰাজিলৰ দৰে পেৰুত ২১,৩৫৮ জন কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে ৷ কলম্বিয়াত ১১,৪৭০ জন আৰু দক্ষিণ আফ্ৰিকাত ৮,১৯৫ জন লোক আক্ৰান্ত হৈছে কৰ’নাত ।
জন হ’পকিন্স বিশ্ববিদ্যালয়ৰ মতে আমেৰিকাত ৪৭,৫১১ জন কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ব্ৰাজিলত কেৱল সোমবাৰে ২৫৮০০ জন আক্ৰান্ত হৈছে কৰ’নাত । সম্প্ৰতি এদিনৰ পূৰ্বে দেশত কৰ’নাত আক্ৰান্ত পৰিসংখ্যা ১৭ লাখ হোৱাৰ বিপৰীতে আজি এই পৰিসংখ্যা হয়গৈ ১৮ লাখ । আনহাতে মৃত্যু হয় ৩৮,১৩৫ জন লোক । জনচ হ’পকিন্সৰ মতে সমগ্ৰ বিশ্বত প্ৰায় ১৮ মিলিয়ন লোক আক্ৰান্ত হৈছে কৰ’নাত ৷ মৃত্যু হৈছে ৬৯০,০০০ জন ৷





























