সমগ্ৰ বিশ্বত অধিকাংশ দেশেই কৰ’না ভাইৰাছৰ ভেকচিন উলিয়াবৰ কাৰণে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ মহামাৰীক নিঃশেষ কৰিবৰ কাৰণে ভেকচিন উলিয়াবলৈ কৰা প্ৰস্তুতিৰ সমান্তৰালকৈ কৰ’নাৰ ভাইৰাছ দুৰ্বলতা কি সেই বিষয়েও শেহতীয়াকৈ সদৰী কৰিছে ৰাছিয়াৰ বৈজ্ঞানিকে ।
শেহতীয়াকৈ ৰাছিয়াৰ VECTOR State Research Center of virology and Biotechnology in Novosibirskৰ লাভ কৰা তথ্য অনুসৰি এটা কোঠাৰ তাপমাত্ৰাত থকা পানীয়ে কৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পোৱাত সহায় কৰে ৷ গৱেষণাটোত পোৱা গৈছে যে ২৪ ঘন্টাত কৰ’না ভাইৰাছৰ ৯০ শতাংশ বীজাণু এটা কোঠা তাপমাত্ৰাৰ থকা পানীত মৰি যোৱাৰ বিপৰীতে ৯৯.৯ শতাংশ বীজাণু মৰিছে ৭২ ঘন্টাত ৷ লগতে ৰাছিয়াৰ গৱেষণাত পোৱা গৈছে যে কৰ’না ভাইৰাছ উতলোৱা গৰম পানীত লগে লগে নিঃশেষ হয় ।
আনহাতে, ক্ল’ৰিণযুক্ত পানীতো কৰ’না ভাইৰাছ বেছি সময় জীৱিত নাথাকে ৷ সাগৰীয় পানীতো কৰ’না ভাইৰাছ বেছি সময় নাথাকে ৷ অৱশ্যে ভাইৰাছটো কিমান সময় পানীত থাকিব সেয়া নিৰ্ভৰ কৰিব পানীৰ তাপমানৰ ওপৰত ৷ উল্লেখযোগ্য যে ৰুছে মহামাৰী কৰ’নাৰ ভেকচিনৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আছে । এক বিশেষ সূত্ৰৰ মতে দেশখনে অক্টোবৰত টীকাকৰণ অভিযান আৰম্ভ কৰিব ৷ আনহাতে, ভেকচিনৰ কাৰণে চিকিৎসক আৰু শিক্ষকসকলৰ নাম প্ৰথমতে আহিব ।






























