ভাৰতত কৰ’নাত সংক্ৰমিতৰ বৃহৎ সংখ্যাৰ ধাৰাবাহিকতাক লৈ বিশ্ব স্বাস্থ্য সংস্থাই উদ্বিগ্নতা প্ৰকাশ কৰিছে । যদিও দেশত সুস্থ হোৱা লোকৰ হাৰ ক্ৰমে বৃদ্ধি হোৱাৰ সংকটজনক অৱস্থাত থকা আক্ৰান্তও ক্ৰমে হ্ৰাস পাইছে । তাৰ মাজতে প্ৰতিদিনে ৫০ হেজাৰৰ অধিক লোক এই ভাইৰাছত আক্ৰান্ত লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হৈছে ।
ইয়াৰ পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাই কৰ’না বিৰোধী যুঁজখন যথেষ্ট দীঘলীয়া হ’ব বুলি মন্তব্য কৰে । এই যুঁজখন যথেষ্ট দীঘলীয়া হ’লে মানুহৰ মাজত অৱসাদগ্ৰস্ততা বাঢ়িব আৰু ইয়াৰ ফলত পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ আশংকা সংস্থাটোৱে ব্যক্ত কৰে । এই ক্ষেত্ৰত সংস্থাই ভাৰতৰ উপৰি ফিলিপাইনছৰ নামো উল্লেখ কৰে।
উল্লেখ্য যে আজিও দেশত ৫৩ হেজাৰ লোকৰ শৰীৰত নতুনকৈ সংক্ৰমণ ধৰা পৰে । অৱশ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দাবী কৰে কৰে যে নমুনা পৰীক্ষাৰ মাত্ৰা বৃদ্ধি হোৱাৰ ফলতে আক্ৰান্তৰ সংখ্যাও বাঢ়িছে । এই পর্যন্ত ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ১৮,৫৫,৭৪৫ জন । ইয়াৰ বিপৰীতে মৃত্যু হৈছে ৩৮,৯৩৮ জনৰ ।





























