দেশত প্ৰতিটো মুহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৷ বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৫২,৫০৯ জন লোক ৷ আনহাতে মৃত্যু হৈছে ৮৫৭ জন লোক ৷ দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ১৯ লাখলৈ বৃদ্ধি পালে ৷ মৃত্যু সংখ্যা বৃদ্ধি পাইছে ৪০,০০০ জনলৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে ১,২৮,২২১৫ জন লোক কৰ’নাত সুস্থ হৈছে ৷
ইফালে কৰ’নাত আক্ৰান্ত হোৱা ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰত নতুনকৈ ৪,৮৬৬ জনৰ শৰীৰত ধৰা পৰিছে কৰ’না ভাইৰাছ । ইয়াৰ লগে লগে মহাৰাষ্ট্ৰত কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১,৪২,৪৫৮ জন লোক । আনহাতে মৃত্যু হৈছে ১৬,১৪২ জন লোক । তামিলনাডুত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ১,৫৪৬ জন ৷
ইয়াৰ লগে লগে তামিলনাডুত কৰ’নাত আক্ৰান্ত ৫৫,১৫২ জনলৈ বৃদ্ধি পালে । অন্ধ্ৰপ্ৰদেশত কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে ২,৭২৭ জন ৷ সম্প্ৰতি ৰাজ্যখনত কৰ’নাত চিকিৎসাধীন হৈ আছে প্ৰায় ৭৯ হাজাৰ লোক । ইপিনে দিল্লীত বিগত ২৪ ঘন্টাত ৩১০ জন লোকৰ শৰীৰত ধৰা পৰিছে কৰ’না ৷
সম্প্ৰতি দিল্লীত কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯,৮৯৭ জন লোক । ইতিমধ্যে দিল্লীত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪,০৩৩ জন লোক । অসমত কৰ’নাত বিগত ২৪ ঘন্টাত আক্ৰান্ত হৈছে ১,৮৮৭ জন লোক ।ৰাজ্যখনত সম্প্ৰতি কৰ’নাত চিকিৎসাধীন হৈ আছে ১৩, ৬২২ জন লোক ৷





























