দ্বিতীয় বাৰ বিবাহত বহিল পশ্চিমবংগৰ বাৰাছতৰ এগৰাকী ৰাজনৈতিক নেতাই । পিছে এই বিয়াত বাধা দিবলৈ আগবাঢ়ি নাহিল কোনো এজন । দৰাৰ প্ৰথমা পত্নীৰ পৰা আত্মীয়-কুটুম্ব সকলো উপস্থিত আছিল দৰা-কইনাক একাজলি আশীৰ্বাদ দিবলৈ । পৰিচিত বহু লোকেই এই বিবাহ অনুষ্ঠানত উপস্থিত হয় । কিয়নো এই বিবাহৰ পাত্রীয়েই হৈছে ‘কৰ’না’ । এই কৰ’না কোনো যুৱতীৰ নাম নহয়, বৰঞ্চ কৰ’না ভাইৰাছহে ।
যি সময়ত কৰ’না ভাইৰাছৰ নাম শুনিলেই আতংকত শিয়ঁৰি উঠে, সেই সময়ত পশ্চিমবংগৰ ৬০ঊৰ্ধৰ লোকজনে স্বয়ং কৰ’না ভাইৰাছকে বিয়া কৰোৱাত স্বাভাৱিকতে বিশেষ চর্চা লাভ কৰিছে । আচলতে কালী ৰুদ্ৰ নামৰ ৰাজনৈতিক কৰ্মীজনে এচাম ভ্ৰান্ত ধাৰণাকাৰীৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ বাবে এই অভিনৱ পন্থা গ্ৰহণ কৰে ।
সম্প্ৰতি কৰ’নাৰ আতংকই বহু লোককে অস্বাভাৱিক আচৰণ কৰিবলৈ বাধ্য কৰিছে । কৰ’নাত আক্ৰান্ত হোৱা লোকৰ পৰিয়ালৰ স’তে অমানৱীয় আচৰণ কৰাটো প্ৰায় নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিছে । কিন্ত এই কথা মানুহক বুজাবলৈকে লোকজনে অভিনৱ কিবা এটা কৰাৰ কথা ভাবিছিল । সেই চিন্তাৰ পৰাই স্বয়ং কৰ’নাকে বিয়া কৰোৱাৰ সিদ্ধান্ত লয় ।
বৃদ্ধ জনে কে’বাজনো লোকক সাক্ষী ৰাখি কৰ’না ভাইৰাছৰ ৰূপক এটা মূৰ্তিক বৰমালা পিন্ধায় । বেলপাত আৰু মন্ত্ৰ উচ্চাৰণৰ মাধ্যমেৰে বিবাহৰ সকলো আচাৰ সম্পন্ন হয় । ৰুদ্ৰৰ এই উদ্যোগে স্বাভাৱিকতে বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বাৰাছতত । বহু লোকেই এতিয়া বিষয়টো নতুন ধৰণে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে ।






























