আঠমাহ পাছত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ তাৰ বাবে বহু আগৰে পৰা প্ৰস্তুতি আৰম্ভ কৰা বিজেপিত এইবাৰ তৎপৰতা চলিছে সমষ্টিৰ সাল-সলনিত ৷ এনে সাল-সলনিৰ আওতাত নিজৰ একাংশ বিধায়কৰ উপৰি মিত্ৰদলৰ বিধায়কো আছে । বিশেষকৈ অগপৰ লগত এইবাৰ কে’বাটাও সমষ্টি সাল সলনি কৰিব বিজেপিয়ে । এই ক্ষেত্ৰত অগপই যাতে শেষ মুহুৰ্তত পিছ হুহুঁকিব নোৱাৰে তাৰ বাবে মিত্ৰ দলটোৰ লগত কথা বতৰাও আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই ৷
ইপিনে বিজেপিৰো কে’বাজনো বিধায়কৰ সমষ্টিৰ সালসলনিৰ ইংগিত দিয়া হৈছে ৷ ৰাজ্যিক বিজেপিয়ে শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি অগপৰ লগত বিজেপিয়ে কমেও পাঁচটা সমষ্টি সলনা সলনি কৰাৰ স্থিতিত আছে । আনকি প্ৰয়োজন সাপেক্ষে অগপক কম আসন এৰি দিয়াৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷
আনহাতে বিজেপিত কমেও ২৫ টা সমষ্টিত নতুন প্ৰাৰ্থী প্ৰক্ষেপ আৰু বৰ্তমানৰ বিধায়কৰ সমষ্টি সালসলনিৰ চিন্তা চৰ্চা চলিছে ৷ বিধায়কসকলৰ সমষ্টিৰ পৰা সংগ্ৰহ কৰা ৰিপৰ্ট কাৰ্ড, ২০১৬ তকৈ অধিক সমষ্টি দখলৰ লক্ষ্য ৷ সমষ্টিৰ কাম কাজত বিধায়কৰ ব্যৰ্থতা সাম্ভাৱ্য প্ৰাৰ্থীৰ অভাৱ আদি দিশবোৰৰ বিবেচনাৰ ভিত্তিত গ্ৰহণ কৰা হৈছে এনে তৎপৰতা ।
উল্লেখযোগ্য যে পৰৱৰ্তী চৰকাৰো গঠনৰ উদ্দেশ্য মিত্ৰদলৰে মিলি বিজেপিয়ে এইবাৰ এশটা সমষ্টি দখলৰ লক্ষ্য লৈছে ৷ অৱশ্যে এনে লক্ষ্য গ্ৰহণ কৰিলেও বিজেপিৰ নেতৃত্বই ভালদৰে জানে যে এয়া মুখৰ কথা নহয় । এশটাক লক্ষ্য কৰি ল’লহে মিত্ৰজোঁট মসৃণভাৱে চৰকাৰ গঠন কৰিব পৰা মেজিক নম্বৰ ৬৪ লাভ কৰাটো সম্ভৱ হ’ব ।
তদুপৰি বিজেপিৰ নিজাববীয়াকৈ কমেও ৬০ ৰ পৰা ৬৫ টা সমষ্টি দখলৰ লক্ষ্য আছে । মিত্ৰদলে বিভিন্ন সময়ত দি থকা চাপ অৰ্থহীন কৰাৰ বাবেই নিজৰ দখলত থকা সমষ্টিৰ সংখ্যা বৃদ্ধিত দলটোৱে জোৰ দিছে ৷ এই অংকৰ বাবেই সমষ্টি সাল-সলনৰি হিচাপ নিকাচ কৰা হৈছে ৷
ইপিনে প্ৰাৰ্থী সলনি অথবা সালসলনি কৰিব বিচৰা সমষ্টিৰ ভিতৰত আছে উদাৰবন্দ, কাটিগড়া, বৰখলা, হাফলং, পলাশবাৰী, দিছপুৰ, পূব গুৱাহাটী, নলবাৰী, বিশ্বনাথ, ৰহা, লামডিং আৰু ডিব্ৰুগড় ৷ তদুপৰি প্ৰাৰ্থী সলনি হোৱাৰ সম্ভাৱনা আছে মাজুলীৰো ৷ উল্লেখযোগ্য যে সমষ্টিটোক প্ৰতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাজুলী এৰি ডিব্ৰুগড়ৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বীতাৰ বাবে আগ্ৰহী বুলি দলীয় সূত্ৰত প্ৰকাশ ।
এই প্ৰসংগতে দলৰ জ্যেষ্ঠ আন এক নেতাই জনায় যে বৰাক, পূব অসম আৰু উত্তৰ অসমৰ সমষ্টিবোৰক লৈ বিজেপিয়ে নতুন ধৰণৰ ৰণনীতি প্ৰস্তুতৰ দিশত আগবাঢ়িছে ৷ কাৰণ এই সমষ্টিকেইটাই চৰকাৰ গঠনত মূল ভূমিকা লয় ৷ সেয়েহে এই সমষ্টিবোৰৰ সাংগঠনিক দিশতো ৰাজ্যিক বিজেপিয়ে সৰ্বস্ব উজাৰি কাম অব্যাহত ৰাখিছে ৷