এইয়া দুৰ্ঘটনা নহয়,হত্যা ৷কেৰেলাৰ কড়িক’ড়ত হোৱা দুৰ্ঘটনা সন্দৰ্ভত এনেদৰে মন্তব্য কৰিলে বিমান সুৰক্ষাৰ বিশেষজ্ঞ কেপ্তেইন মোহন ৰংগনাথনে ৷ৰংগনাথনে লগতে কয় যে যদি সময় থাকোতেই কোনো পদক্ষেপ হাতত নলয় তেন্তে কড়িক’ড়ৰ দৰে বিমান দুৰ্ঘটনা পাটনা আৰু জম্মুৰ বিমানবন্দৰতো হ’ব ৷
সুৰক্ষা বিশেষজ্ঞ কমিটিৰ সদস্য হিচাপে ৰংগনাথনে ৯ বছৰৰ পূৰ্বেই কড়িক’ড় বিমানবন্দৰক লেণ্ডিঙৰ কাৰণে সুৰক্ষিত নহয় বুলি কৈছিল । সম্প্ৰতি ৰংগনাথনৰ অভিযোগ “মোৰ মন্তব্যক সেই সময়ত উপেক্ষা কৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷ গতিকে মোৰ মতে এইয়া দুৰ্ঘটনা নহয়, হত্যাহে ।”
লগতে ৰংগনাথনে টেবল টপ ৰানৱেত ঠাই কম হোৱাৰ কথা উল্লেখ কৰে ৷যাৰ কাৰণে এনেধৰণৰ বিমানবন্দৰত অধিক সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব বুলিও কয় ৰংগনাথনে ৷ আনহাতেহকড়িক’ড়ত ৰানৱেৰ পিছত ৭০ ফুটৰ খাৱৈ আছে ৷গতিকে কোনো বিমান যদি ৰানৱেৰ পৰা আগলৈ যায়। তেন্তে সেই বিমানখন দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱাৰ কোনো সম্ভাৱনা নাথাকে ৷
ইফালে ৰংগনাথনে লগতে অনাগত দুৰ্ঘটনাটো পাটনা আৰু জম্মু বিমানবন্দৰত হোৱাৰ সম্ভাৱনাৰ বিষয়ে কয় ৷ তেওঁ কয় যে দুয়োটা বিমানবন্দৰেই বহুত ভয়াৱহ। উল্লেখযোগ্য যে এবছৰৰ পূৰ্বেই CASAC ৰ চেয়াৰমেনক এখন পত্ৰৰ যোগেৰে কড়িক’ড়ত বাৰিষাৰ সময়ত বিমান লেণ্ড কৰা সুৰক্ষিত নহয় বুলি জনাইছিল। কিন্তু কৰ্তৃপক্ষই কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে। লগতে ৰংগনাথনে জনায় যে বিমান বন্দৰৰ লগত পৰ্যাপ্ত ৰানৱে বা সুৰক্ষিত অঞ্চল নাই ।





























