কৰ’না ভাইৰাছে মাৰাত্মক ৰূপ লৈছে ভাৰতবৰ্ষত । শনিবাৰে ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্ত হয় ৬১,৫৩৭ জনকৈ লোক ।সমগ্ৰ বিশ্বৰ সৰ্বাধিক কৰ’না আক্ৰান্তৰ দেশৰ ভিতৰত স্থান পোৱা মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলৰ পিছতেই এতিয়া স্থান পাইছে ভাৰতে ।এতিয়া সমগ্ৰ দেশতে ২৪ ঘন্টাত কৰ’না আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৯৩৩ জন কৰ’না ৰোগীৰ ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুসৰি সমগ্ৰ দেশত মুঠ আক্রান্তৰ সংখ্যা হৈছেগৈ ২০,৮৮,৬১১।মৃত্যু হৈছে ৪২,০০০ গৰাকী লোকৰ ।আনহাতে চৰকাৰী পৰিসংখ্যা অনুসৰি সুস্থ হৈ উঠিছে ১৪লাখ ২৭ হেজাৰ ।আক্ৰান্তৰ সংখ্যা যিদৰে বাঢ়িছে ঠিক সেইদৰে কৰ’নাৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰো আগতকৈ বৃদ্ধি পোৱাৰ তথ্য স্বাস্থ্য বিভাগৰ সমীক্ষাত প্ৰকাশ পাইছে।শুক্ৰবাৰে আৰোগ্যৰ হাৰ আছিল ৬৭.৯৮ ঠিক সেইদৰে শনিবাৰে বৃদ্ধি হয় ৬৮.৩২ শতাংশলৈ।প্ৰতি ২৪ ঘণ্টাত দেশৰ ৫খন ৰাজ্যত সবাতোকৈ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা।
মহাৰাষ্ট্ৰত (১০,৪৮৩),অন্ধ্ৰ প্ৰদেশ(১০,১৭১),কৰ্ণাটক(৬,৬৭০),তামিলনাডু(৫,৮৮০) আৰু উত্তৰপ্ৰদেশত বৃদ্ধি পাইছে (৪,৪০৪)জনকৈ কৰ’না ৰোগী ।বিগত চাৰি দিনত ভাৰতত কৰ’না সংক্ৰমণৰ হাৰ আমেৰিকা আৰু ব্ৰাজিলতকৈ অধিক বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ পাইছে ।