কৰ’নাৰ চিকিৎসাৰ প্রথম শাৰীৰ যোদ্ধাসকল হ’ল চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকল, কিন্তু এই চিকিৎসাত নিয়োজিত হৈ শেষত নিজেই কৰ’না আক্রান্ত হৈ দেশত এই পর্যন্ত দুই শতাধিক চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীৰ মৃত্যু হৈছে । ইয়াৰে ১৯৬ জনেই চিকিৎসক । আজি এই তথ্য সদৰী কৰে ভাৰতীয় চিকিৎসা সংস্থাই । ইয়াকে লৈ সংস্থা যথেষ্ট উদ্বিগ্ন হৈ পৰিছে আৰু এই ক্ষেত্ৰত সহায় বিচাৰি কাষ চাপিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সংস্থাৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আবেদন জনাই কোৱা হৈছে যে পৰিস্থিতি যথেষ্ট উদ্বেগজনক ।
এনে ক্ষেত্ৰত চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰিলে দেশৰ স্বাস্থ্য খণ্ডৰ কাঠামোটোৱেই ভয়ংকৰ বিপদৰ গ্ৰাসত পৰিব । চিকিৎসসকলৰ সুৰক্ষাৰ অৱহেলা কৰা হৈছে বুলিও সংস্থাই মন্তব্য কৰে । এই সন্দৰ্ভত সংস্থাৰ সৰ্বভাৰতীয় সভাপতি ৰাজেন শর্মাই কয়, নিজৰ পৰিয়ালৰ পৰা আঁতৰি থাকি চিকিৎসসকলে চিকিৎসালয়ত কৰ’নাৰ দৰে ভয়াবহ ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে । কৰ’না ৰোগীৰ ৱাৰ্ডত ঘণ্টাৰ পাছত ঘন্টা পাৰ কৰিছে ।
সেইকাৰণে চিকিৎসকসকলৰ সুৰক্ষা প্ৰথমে নিশ্চিত হ’ব লাগে। দেশৰ স্বাস্থ্য খণ্ডৰ লগত জড়িতসকলে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে কৰ’নাৰ বিৰুদ্ধে দীঘলীয়া আৰু স্পৰ্শকাতৰ এই যুঁজ অব্যাহত ৰাখিছে। প্ৰতি মুহূৰ্ততে এই যুজঁৰ সংশয় আছে। তেনে ক্ষেত্ৰত চিকিৎসসকলৰ সুৰক্ষাৰ দ্ৰুত কাৰ্যকৰী ব্যৱস্থা হাতত নল’লে অধিক বিপদৰ সন্মুখীন হ’ব লাগিব। ‘ আই এম এ বিষয়টোৰ সন্দৰ্ভত এখন প্ৰতিবেদন প্ৰকাশ কৰিছে আৰু তাত উল্লেখ আছে যে কৰ’নাৰ চিকিৎসাৰ লগত জড়িত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ মাজত ভাইৰাছবিধৰ সংক্ৰমণ বৃদ্ধি পাইছে ।
ইয়াৰ ফলতে মৃত্যুৰ সংখ্যা বাঢ়িছে। প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি যোৱা জুলাইৰ মাজভাগলৈ মৃত্যু হয় ৯৯ জন চিকিৎসকৰ। তাৰ পাছৰ সময়ছোৱাত বাকীসকলৰ প্ৰাণ যায়। অৰ্থাৎ চিকিৎসকসকলৰ মাজত আক্ৰান্তৰ সংখ্যা যিদৰে বৃদ্ধি হৈছে তেনেদৰে মৃত্যুৰ সংখ্যাও দ্ৰুতগতিত বাঢ়িছে। মৃত্যু হোৱা চিকিৎসকসকলৰ ১৭৭ জনৰেই বয়স ৫০ ৰ উৰ্দ্ধৰ বুলিও আই চি এম এৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।
ইপিনে, ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা ৬০ ৰ ঘৰত আৰম্ভ হৈছে। এই পৰ্যন্ত দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২০,৮৮,৬১১ জন। ইয়াৰ বিপৰীতে সুস্থ হৈ উঠিছে ১৪,২৭,০০৫ জন আৰু মৃত্যু হৈছে ৪২,৫১৮ জনৰ।





























