বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৬০ হাজাৰ ৯৬৩ জন লোক। মৃত্যু হৈছে ৮৩৪ জনৰ ৷ এই কথা সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে । ইয়াৰ লগে লগে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ২৩,২৯,৬৩৯ জনলৈ বৃদ্ধি পালে । ইয়াৰ ভিতৰত চিকিৎসাধীন হৈ আছে ৬,৪৩,৬০০ জন৷ আৰু মৃত্যু হৈছে ৪৬,৯১০০ জন লোক ৷
ইফালে আইচিএমআৰৰ মতে ১১ আগষ্টত দেশত ৭,৩৩,৪৪৯ জন লোকৰ কৰ’না পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ লগে লগে এতিয়ালৈকে প্ৰায় ২ কোটি লোকৰ কৰ’নাৰ পৰীক্ষা সম্পন্ন হৈছে । আনহাতে কৰ’নাত সংক্ৰমিত আন আন ৰাজ্যৰ ভিতৰত মধ্যপ্ৰদেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৪০ হাজাৰ অতিক্ৰম কৰিলে ।
ৰাজ্যখনত প্ৰতিদিনে প্ৰায় ৮০০তকৈ অধিক লোক আক্ৰান্ত হৈছে কৰ’নাত । ৰাজস্থানৰ জয়পুৰত বিগত ১৪ দিনত ১০০ তকৈও অধিক লোক আক্ৰান্ত হৈছে কৰ’নাত ৷ মংগলবাৰে ১০৬ জন লোকৰ শৰীৰত ধৰা পৰিছে কৰ’না ৷ ইয়াৰ ভিতৰত এজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷
সেইদৰে বিহাৰত মংগলবাৰে ৮৩,৩৪৪ জন লোকৰ শৰীৰত কৰ’না পৰীক্ষা কৰোৱা হৈছে । বিগত ২৪ ঘন্টাত ৰাজ্যখনত ৪০৭১ জন লোকৰ শৰীৰত ধৰা পৰিছে কৰ’না । মহাৰাষ্ট্ৰত মংগলবাৰে ৯১৭ জন লোক আক্ৰান্ত হৈছে কৰ’নাত । ইয়াৰ লগে লগে ৰাজ্যখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১,২৫,২৩৯ জনলৈ বৃদ্ধি পালে । ইফালে ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬,৮৯০ জনৰ।





























