সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে আমি সকলোৱে ভাইৰাছ প্ৰতিৰোধৰ কাৰণে যাৱতীয় সকলো কাৰ্য সম্পাদন কৰিছো ৷ কৰ’নাত সংক্ৰমণ নহ’বলৈ আমি সামাজিক দূৰত্ব বৰ্তাই ৰখা, হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰা, মাস্ক পৰিধান কৰা, ৰাজহুৱা স্থান বৰ্জন কৰা আদি বিভিন্ন নীতি নিয়ম মানি চলিছো ।
কিন্তু আমি আমাৰ ঘৰলৈ অনা ফলমূল, শাক পাছলি বা অন্যান্য সামগ্ৰীবোৰৰ ক্ষেত্ৰত ক’ভিড প্ৰতিৰোধৰ কাৰণে কি ব্যৱস্থা হাতত লৈছো? বা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীসমূহ কঢ়িয়াই অনা বেগসমূহ আমি ঘৰৰ ভিতৰলৈ আনিব লাগে ? বা বেগসমূহ আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোনে ? এইয়া সকলোৰে মনত হোৱা স্বাভাৱিক প্ৰশ্ন ।
আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কৰ’না ভাইৰাছ কিছুমান বস্তুত কেইঘণ্টামানৰ কাৰণে বা কেতিয়াবা এদিন দুদিনলৈ থাকিব পাৰে । গতিকে ক’ভিড ১৯ ক প্ৰতিৰোধ কৰিবলৈ আপুনি কি কৰিব ?
১. ঘৰত বস্তু দিবলৈ অহা লোকসকলৰ পৰা সামগ্ৰী লওঁতে মাস্ক,গ্ল’ভচ পৰিধান কৰাটো অত্যন্ত প্ৰয়োজনীয় ।
২. ঘৰলৈ বজাৰ কৰি অহা পেকেটবোৰ পৰাপক্ষত ভিতৰলৈ আনিব নালাগে ৷
৩. সামগ্ৰীৰ লগত পেকেট , বেচিন ফ্ল’ৰ আদি সকলো ছাফা কৰিব লাগে ৷
৪. বজাৰ কৰি অনা সকলো বেগ, বক্স, কনটেইনাৰ সকলো ধুই ছাফা কৰি একাষৰীয়াকৈ ৰাখিব লাগে ।
৫. আনহাতে বেগ, কনটেইনাৰ সকলো ধুই ৰ’দত শুকাবলৈ দিব লাগে।
৬. ইয়াৰ পিছত চাবোননেৰে হাতখন ভালকৈ ধূব লাগে। লগতে ৰাজহুৱা স্থান গেলামালৰ দোকানত গ’লে গা ধুৱাটোও অত্যন্ত প্ৰয়োজনীয় ।






























