ক’ভিড-১৯ত আক্ৰান্ত হৈ পুনৰ আক্ৰান্ত হ’ব নে নহয় এই সন্দৰ্ভত কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱা তিনিজন লোকক আমেৰিকাত এখন জাহাজত একাষৰীয়াকৈ ৰাখি পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰ পিছত প্ৰমাণিত হয় যে শৰীৰত গঠন হোৱা এন্টিব’ডিৰ কাৰণে পুনৰ ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমি গৈছে ।
সম্প্ৰতি সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছৰ ভেকচিন তৈয়াৰ কৰাৰ সন্দৰ্ভত বিভিন্ন পৰীক্ষা কৰিছে চিকিৎসা প্ৰতিষ্ঠানসমূহে ৷ ইফালে আমেৰিকাই পৰীক্ষা কৰা জাহাজখনত ১৮ দিন ধৰি আছিল ১২২ জন লোক ৷ তেওঁলোকক প্ৰথমতে কেৱল এজন কৰ’নাত আক্ৰান্ত হোৱা লোকৰ লগত মিলিত হৈছিল ৷ ইয়াৰে ১০৮ জনৰ শৰীৰত কৰ’না ভাইৰাছ পৰীক্ষা কৰা হয়। কাৰণ তেওঁলোকৰ শৰীৰত কৰ’নাৰ সীমিত লক্ষণ পোৱা গৈছিল ৷ কিন্তু অন্যান্যসকলৰ দেহত শৰীৰত কৰ’নাৰ প্ৰাথমিক পৰীক্ষা কৰা হয়।
ইফালে জাহাজখনত থকা ১৮ জন লোকে কৰ’না ভাইৰাছ হোৱা লোকজনৰ লগত প্ৰত্যক্ষভাৱে মিলিত হোৱা নাছিল। কিন্তু কথা হ’ল কেৱল এন্টব’ডিৰে কৰ’না ভাইৰাছ ৰোধ কৰিব পাৰিনে? যিসময়ত কৰ’না ভেকচিনৰ কাৰণে সমগ্ৰ বিশ্বৰ লগতে দেশে যুঁজি আছে সেই সময়তে আমেৰিকাৰ এই পৰীক্ষাই চৰ্চা লাভ কৰিছে ৷
আনহাতে বিগত ২৪ ঘন্টাত দেশত নতুনকৈ ৫৭,৯৮১ জনৰ শৰীৰত পোৱা গৈছে কৰ’না ভাইৰাছ । এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। ইয়াৰ লগে লগে দেশত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ২৬,৪৭,৬৬৩ জনলৈ বৃদ্ধি পালে।






























