ৰিয়া চক্ৰৱৰ্তী -সুশান্তৰ প্রাক্তন মেনেজাৰ শ্ৰুতিৰ ‘হোৱাটছআপ’ চাট ফাদিল
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত ‘ইডি’য়ে তদন্ত অব্যাহত ৰাখিছে । চিবিআইৰ হাতত আহি পৰিছে ৰিয়া চক্ৰৱৰ্তী আৰু সুশান্ত সিং ৰাজপুতৰ প্রাক্তন মেনেজাৰ শ্ৰুতি মোদীৰ ‘হোৱাটআপ’ চাট ।দুয়োৰে বাৰ্তালাপত প্ৰকাশ পাইছে ।
সুশান্ত সিং ৰাজপুতে সেৱন কৰিছিল ‘মাৰিজুৱানা’ ।এই অভ্যাস ত্যাগ কৰিবলৈও সুশান্তে চেষ্টা কৰিছিল বুলি সুশান্তৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোডীয়ে উল্লেখ কৰে ।এই সন্দৰ্ভত অভিনেতা গৰাকীয়ে তেওঁৰ পৰা সহযোগিতা বিচাৰিছিল বুলি ও শ্ৰুতিয়ে উল্লেখ কৰে ।
‘ইণ্ডিয়া টুডে’ ৰ প্ৰকাশিত বাতৰিত ৰিয়া-শ্ৰুতিৰ ‘হোৱাটছএপ’ যোগে হোৱা বাৰ্তালাপৰ কিছুমান স্ক্ৰীনশ্বট প্ৰকাশ পাইছিল।ইয়াত কোনো এক ঘটনাৰ কথা উল্লেখ আছিল য’ত সুশান্তে কান্দি কান্দি কোনোবা বন্ধুক তেওঁৰ ঘৰৰ পৰা গুচি যাবলৈ কৈছিল।
শ্ৰুতিয়ে ৰিয়ালৈ ‘হোৱাটছআপ ‘ ত লিখিছিল ‘ৰাতিপুৱা তেওঁ কান্দি আছিল ।সিদ্ধুক ঘৰৰ পৰা গুচি যাবলৈ কৈছে ।তেওঁ মোৰ সহায় বিচাৰিছে ।ব’লা মানসিক চিকিৎসকক লগ কৰো ।আমি সকলোৱে তেওঁক ভালদৰেই চোৱা-চিতা কৰি আছো ।ঔষধো সময়মতে দি আছো।’
ৰিয়াৰ উত্তৰ আছিল ,’হয় ‘
শ্ৰুতিয়ে পুনৰ লিখে ‘তেওঁ শুবলৈ লৈছে।ময়ো এদিনৰ কাৰণে যামগৈ ।পুৱা ১১ বজাত চাহিল আৰোগ্য নিধি লৈ যাব ‘
উল্লেখ্য যে চাহিল আছিল সুশান্তৰ বডীগাৰ্ড।
আনহাতে ,ৰিয়া চক্ৰৱৰ্তীয়ে গৌৰৱ নামৰ এজন যুৱকৰ লগত ড্ৰাগছ সন্দৰ্ভত কথা-বতৰা চলিছিল।ৰিয়াই ড্ৰাগছ সেৱন কৰাৰ অভিযোগ উত্থাপন হৈছে।কিন্ত ৰিয়াৰ অধিবক্তাই এই অভিযোগ মিছা বুলি ব্যক্ত কৰে ।
আনহাতে, চেমুৱেল মিৰাণ্ডা আৰু জয়া সাহানিৰ লগত ৰিয়া চক্ৰৱৰ্তী ৰ ‘হোৱাটছ এপ’ যোগে হোৱা মেছেজৰ পৰা ঘটনাৰ সন্দৰ্ভত বহু তথ্য পোহৰলৈ আহিছে।
জয়া সাহানিয়ে ৰিয়াক কয় ,’পানী ,চাহ নাইবা কফিৰ লগত চাৰি টোপাল মিলাই তেওঁক দিব লাগে ।মাত্ৰ ৪০মিনিট সময় লাগিব ।’সুশান্তৰ ভগ্নী শ্বেতা সিঙে সমগ্ৰ ঘটনাটো এক গুৰুতৰ অপৰাধ বুলি ব্যক্ত কৰে ।লগতে চিবিআইক ঘটনাৰ উচিত তদন্তৰ বাবে দাবী জনাই টুইটাৰ মাধ্যমেৰে ।





























