ZubeenDivas : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ স্মৃতি সুঁৱৰি দ্বিতীয় দিনাও অনুৰাগীৰে মুখৰ হৈ পৰিল সোণাপুৰৰ জুবিনক্ষেত্ৰ। জুবিন দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীৰে আজি জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম পৰিলক্ষিত হয়।
প্ৰিয় শিল্পীগৰাকীৰ সৃষ্টিৰ স’তে একাত্ম হৈ অনুৰাগীসকলে তেওঁৰ কালজয়ী গীতসমূহ গাই সোঁৱৰণ কৰে জুবিন গাৰ্গক। কোনোবাই কণ্ঠত তুলি লয় জুবিনৰ গীত, কোনোবাই আকৌ সেই গীতৰ মাজেৰেই বিচাৰি লয় প্ৰিয় শিল্পীগৰাকীৰ সোঁৱৰণী।
জুবিনৰ সৃষ্ট গীতসমূহে দ্বিতীয় দিনাও জুবিনক্ষেত্ৰৰ পৰিৱেশ মুখৰ কৰি তোলে। শিল্পীগৰাকীৰ গীত গাই অনুৰাগীসকলে তেওঁৰ স’তে জড়িত স্মৃতি আৰু আৱেগক পুনৰ জীপাল কৰি তোলে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীৰ সমাগমে জুবিনক্ষেত্ৰক পৰিণত কৰে সোঁৱৰণীৰ এক মিলনস্থলীত। প্ৰিয় শিল্পীগৰাকীৰ গীতক সাৰথি কৰি অনুৰাগীসকলে তেওঁৰ প্ৰতি থকা ভালপোৱা আৰু সন্মান প্ৰকাশ কৰে।
জুবিন দিৱসৰ দ্বিতীয় দিনটোৰ এই ব্যাপক উপস্থিতিৰ মাজেৰে পুনৰ প্ৰতিফলিত হয় জুবিন গাৰ্গৰ সৃষ্টিৰ সৈতে অনুৰাগীৰ গভীৰ সম্পৰ্ক। তেওঁৰ কালজয়ী গীতৰ মাজেৰে অনুৰাগীসকলে আজিও সোঁৱৰণ কৰি আছে প্ৰাণৰ শিল্পীগৰাকীক।






























