AfricanWildDogs: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: কুকুৰৰ যৌনতাক কেন্দ্ৰ কৰি বিস্তৰ ঠাট্টা-মস্কৰা হয়, তুলনা-প্রতি তুলনা হয়। আন ইতৰ প্ৰাণীবোৰৰ যৌন জীৱনৰ তুলনাত কুকুৰৰ যৌনতা ক’ত পৃথক, সেই বিষয়তো বহু গৱেষণা চলিছে। সেইবোৰৰ যে নির্দিষ্ট ভিত্তি আছে, আখৰে আখৰে প্ৰমাণ কৰি দিলে আফ্ৰিকাৰ তিনিটা বনৰীয়া কুকুৰে। সম্পর্কত তিনিওটা ভ্রাতৃও। অনাহাৰেই সংগিনীৰ সন্ধানত চাৰি হেজাৰৰো অধিক কিলোমিটাৰ পথ অতিক্রম কৰিলে এই তিনি ভ্রাতৃয়ে। লগতে স্থাপন কৰিলে নতুন অভিলেখ। সংগিনীৰ সন্ধানত দীর্ঘ দূৰত্ব অতিক্ৰম কৰাৰ অভিলেখ।
আফ্রিকা মহাদেশৰ জাম্বিয়াৰ কাফুয়ে ৰাষ্ট্ৰীয় উদ্যানৰ এই চতুষ্পদী বাসিন্দাসকলৰ ডিঙিত ৰেডিঅ’ কলাৰ পিন্ধোৱা আছিল। সেয়ে সিহঁতৰ যাত্রাপথৰ সকলো খুঁটি-নাটি জানিব পাৰিছে উদ্যান কর্তৃপক্ষই। ধাৰণা কৰা হৈছে যে সংগিনীৰ সন্ধান পালে ইহঁতৰ প্রাকৃতিকভাবে বংশ বৃদ্ধি হ’ব। উদ্যানৰ চাৰি বেৰৰ মাজত আৰু মিলনৰ কোনো প্রয়োজন নহ’ব।
প্রাপ্ত তথ্য অনুসৰি, জাম্বিয়াৰ কাফুয়ে ৰাষ্ট্ৰীয় উদ্যানলৈ একেলগে কে’বাটাও মতা আৰু মাইকী বনৰীয়া কুকুৰ অনা হৈছিল। সিহঁতৰ মিলনৰ ফলত ১৯টা পোৱালিৰো জন্ম হয়; কিন্তু একেটা গোষ্ঠীত থকা মাইকী কুকুৰক হয়তো পছন্দ নকৰা হৈছিল এই তিনি ভ্রাতৃৰ। সেয়ে সিহঁতে নতুন মিলনসংগী বিচাৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ বেৰ পাৰ হৈ বাহিৰলৈ ওলাই যায়। সেয়া আছিল ২০২৫ৰ কথা। জিপিএছ ট্ৰেকাৰ থকাৰ ফলত সিহঁতৰ গতিবিধি ধৰা পৰিছে।
তাতেই দেখা গৈছে যে কুকুৰৰ তিনিজনীয়া দলটোৱে চিধা পথেৰে আগবঢ়া নাছিল। বৰঞ্চ বিভিন্ন উত্থান-পতন অতিক্রম কৰিছে, পৰিচিত পৰিৱেশ বাদ দি নতুন পৰিৱেশৰ মাজেদিও আগবাঢ়ি গৈছে। আগুৱাই যোৱাৰ সময়ত য’তেই বাধা পাইছে, লগে লগে গতিপথ সলনি কৰিছে তিনি বনৰীয়া কুকুৰে। সেয়া দেখি আচৰিত হৈছে উদ্যানখনৰ কৰ্মচাৰী তথা পশু বিশেষজ্ঞসকল।
তেওঁলোকে ধাৰণা কৰিছে যে হয়তো সংগিনীৰ সমান্তৰালকৈ সিহঁতে নতুন পৰিৱেশো বিচাৰিছে। ট্ৰেকাৰৰ তথ্য অনুসৰি, ২০২৫ৰ পৰা চলিত বৰ্ষৰ পহিলা এপ্রিল পর্যন্ত এই তিনি বনৰীয়া কুকুৰে ৪১২৬ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে।
উদ্যান কর্তৃপক্ষই জনাইছে যে ইমান দূৰত্ব অতিক্ৰম কৰি কোনো আফ্রিকান পশুৱে প্ৰথমবাৰলৈ অভিলেখ গঢ়িলে। অৱশ্যে সিহঁতে সংগিনী পালে নে নাই, সেই বিষয়ে উদ্যানখনৰ কৰ্তৃপক্ষই এই পর্যন্ত সদৰী কৰিব পৰা নাই। যদিও কর্তৃপক্ষই এইখিনি নিশ্চিত হৈছে যে উদ্যানৰ পৰিচিত পৰিৱেশ ত্যাগ কৰি এই তিনি বনৰীয়া কুকুৰে আন পৰিৱেশত স্বাভাৱিক হ’ব পাৰিছে।






























