HeavyRainfall: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : একেৰাহে ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত হৈ পৰিছে হিমালয়ৰ বিস্তীৰ্ণ অঞ্চল। ছিকিম, ভূটান আৰু নেপালৰ পাহাৰীয়া অঞ্চলত অব্যাহত আছে ভূমিস্খলন। ছিকিম-শিলিগুড়ি পথ যোগাযোগৰ ‘লাইফ লাইন’ ১০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ২০ মাইল অঞ্চলত পুনৰ অবৰোধ হৈছে। গেংটক জিলাৰ একাধিক স্থানত সংঘটিত হৈছে ভূমিস্খলন।
বোকাৰ সোঁতত বুৰ গৈ পথ অবৰোধ হোৱাৰ লগতে একেই পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তৰ আৰু পশ্চিম ছিকিমতো। ভূমিস্খলনৰ ফলত পথ বন্ধ হৈ নেপাল আৰু ভূটানৰ বিভিন্ন অঞ্চলৰ স’তে যোগাযোগ বিচ্ছিন্ন হৈছে। এনে পৰিস্থিতিত পূজাৰ প্ৰাকক্ষণত ছিকিম, ভূটান আৰু নেপালৰ পৰ্যটন উদ্যোগক লৈ ট্যুৰ অপাৰেটৰসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।
বুধবাৰৰ পৰা উত্তৰ ছিকিমত ধাৰাসাৰ বৰষুণ অব্যাহত আছে। শুকুৰবাৰে পুৱাই ১০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰডাং-ৰ ২০ মাইল অঞ্চলত পথ অবৰোধ হয়। ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল বন্ধ হৈ পৰাত সাধাৰণ যাত্ৰীৰ পৰা আৰম্ভ কৰি পৰ্যটকলৈকে সমস্যাৰ সন্মুখীন হৈছে।
পথৰ ওপৰেৰে শিল আৰু বোকাৰ সোঁত বৈ আছে। ভূমিস্খলনৰ ফলত ছিকিমৰ গেংটক জিলা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। একাধিক স্থানত ভূমিস্খলন আৰু বোকা খহি পৰাৰ ঘটনা সংঘটিত হৈছে। পথ-ঘাট অবৰোধ হোৱাৰ লগতে ভূমিস্খলনত ঘৰ-গাড়ী ক্ষতিগ্ৰস্ত হৈছে।
কবি টিংদা সমষ্টিৰ বিধায়ক শ্বেৰিং টি ভুটিয়াৰ নেতৃত্বত শুকুৰবাৰে এটা যুটীয়া দলে ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। দলটোৱে ভূমিস্খলন-কবলিত অঞ্চল, বোকা আৰু ধ্বংসাৱশেষৰ বাবে অবৰোধ হোৱা পথ আৰু ক্ষতিগ্ৰস্ত ঘৰ-বাৰীসমূহ পৰিদৰ্শন কৰে।
এই অঞ্চলসমূহৰ ভিতৰত আছে বোজোগহাৰীৰ সমীপৰ লুঙিং-ৰাঙ্কা হাইৱে, লোয়াৰ বোজোগহাৰী, লিংডিং, হাইকোৰ্ট ৰোড, টিএনএ গেট, ভিআইপি কলনী, আপাৰ জেড-বোজোগহাৰী, পাংথাং-লিংডক ৰোড, পামৰো গাঁও, লিং পাৰবিং, আপাৰ আৰু মিডল লুঙিং, ফেনজং, ৰাঙ্কা, ৰকডং তিনটেক, দাৰাগাঁও, আপাৰ বুৰটুক, ছিছে, আৰিথাং আৰু পাৰ্শ্বৱৰ্তী অঞ্চল। পথৰ বহু অংশ এতিয়াও বন্ধ হৈ থকাৰ বাবে যান-বাহন চলাচল ব্যাহত হৈছে। ইয়াৰ উপৰি কিছু বহুমহলীয়া অট্টালিকাও ক্ষতিগ্ৰস্ত হৈছে।
ছিছেৰ ছোৱেজ ট্ৰিটমেণ্ট প্লাণ্ট আৰু এনচে স্কুলৰ ৩৩/১১ কেভি ছুইচিং ষ্টেচনৰ সমীপত জমা হোৱা ধ্বংসাৱশেষেও বিপদৰ সৃষ্টি কৰিছে।
উত্তৰ ছিকিমতো ব্যাপক ভূমিস্খলনৰ খবৰ পোৱা গৈছে। ইয়াত ফেনছং, কবি আৰু লিংচুম-টিংদা অঞ্চলত স্থানীয় বিধায়ক থেনলে শ্বেৰিং ভুটিয়াৰ নেতৃত্বত ধ্বংসাৱশেষ আঁতৰোৱা আৰু পথ পুনৰুদ্ধাৰৰ কাম চলি আছে। বৰষুণৰ পানী যাতে মাটিৰ গভীৰলৈ প্ৰৱেশ কৰি ভূমিস্খলনৰ আশংকা বৃদ্ধি কৰিব নোৱাৰে, তাৰ বাবে ভূমিস্খলনপ্ৰৱণ অঞ্চলসমূহত ত্ৰিপাল পাৰি দিয়া হৈছে।
প্ৰশাসনৰ ফালৰ পৰা বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আৰু বিশেষ প্ৰয়োজন নাথাকিলে ভূমিস্খলনপ্ৰৱণ অঞ্চলৰ মাজেৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিশেষকৈ নিশাৰ সময়ত অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৩২ মাইলৰ সমীপৰ ৰাডাঙতো ভূমিস্খলনৰ ফলত পথ অবৰোধ হোৱাৰ খবৰ পোৱা গৈছে।
পূব ছিকিমৰ দুগাত পথ বন্ধ হৈ পৰাত যাত্ৰীসকল নিজেই পথ পৰিষ্কাৰ কৰাৰ কামত নামি পৰে। গেংটকৰ স’তে সংযোগ স্থাপন কৰা এনএইচ-১০ৰ এইটোৱেই একমাত্ৰ বিকল্প পথ। ইফালে, নেপালৰ জামিৰেঘাটত ভূমিস্খলন হৈ পৃথ্বী হাইৱে অবৰোধ হৈছে।
পথৰ ওপৰৰ ফালৰ পৰা বৃহৎ পৰিমাণৰ ভূমিস্খলন হোৱাৰ ফলত কাঠমাণ্ডুগামী দুয়ো দিশৰ যান-বাহন চলাচল বন্ধ হৈ পৰিছে। ধাদিঙৰ ট্ৰেফিক আৰক্ষীৰ মুৰব্বী শিশিৰ থাপাই জনোৱা অনুসৰি, ভূমিস্খলনৰ ব্যাপকতাৰ বাবে পথ পৰিষ্কাৰ কৰিবলৈ কিছু সময় লাগিব। কৃষ্ণভিৰতো ভূমিস্খলনৰ ফলত যান-বাহন চলাচল বন্ধ হৈ আছে।
ভূটানৰ দোচুলা-ৱাংদুৱে পিএনএইচৰ পেনজালুম ড্ৰুবচু অঞ্চলত (৪৫.২০ কিলোমিটাৰ পইণ্টত) একমুখী যান-বাহন চলাচল আৰম্ভ হৈছে যদিও পৰ্যটকসকলক সতৰ্কতাৰে যাতায়াত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে পানবাং-মাথাংগুড়ি সংযোগী পথৰ কিছু অঞ্চলতো অবৰোধৰ সৃষ্টি হৈছে।






























