সুমেৰুত মহাপ্লাৱনৰ সম্ভাৱনা ক্ৰমে বৃদ্ধি পাবলৈ লৈছে । কিয়নো শেহতীয়াকৈ সুমেৰুত ৫০ হেজাৰ কোটি মেট্ৰিকটনৰ অধিক ওজনৰ বৰফ গলিছে । তথ্য অনুসৰি মাত্ৰ এটা বছৰৰ ভিতৰতে সুমেৰুত ৫৩২ বিলিয়ন টন বৰফ গলি গৈছে । ইয়াৰ ফলত সাগৰত প্ৰতিদিনে ৩০লাখ টন পানী বৃদ্ধি পাবলৈ লৈছে । এনে কাৰণতে মহাপ্লাৱনৰ সম্ভাৱনা বৃদ্ধিৰ আংশকা কৰিছে বিশেষজ্ঞ সকলেও ।
উল্লেখ্য যে বিগত বছৰ বিলাকত গ্ৰীষ্মৰ সময়ত তাপমাত্ৰাৰ দ্ৰুত পৰিৱৰ্তন হ’বলৈ লৈছে । ফলত ক্ৰমান্বয়ে অধিম বৰফ গলাৰো আশংকা বৃদ্ধি পাইছে।প্ৰতিবেদনৰ মতে, আৰ্কটিক মহাসাগৰত অস্বাভাৱিকভাৱে তাপমাত্ৰা বৃদ্ধি পাইছে । সুমেৰুৰ বৰফৰ স্তৰত যোৱা শতিকাৰ বিভিন্ন সময়ত ১০ৰ পৰা ১২ ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে ।
তথ্য অনুসৰি এনে দ্ৰুতহাৰত তাপমাত্ৰা বৃদ্ধি পাইছিল বৰফ যুগৰ সময়ত ।সেয়েহে সাম্প্ৰতিক কালত একে ধৰণৰ অৱস্থা দেখিবলৈ পোৱাত বিজ্ঞানীসকল স্বাভাৱিকতে আতংকগ্ৰস্ত হৈ পৰিছে ।





























