২৩ কোটি ৩০ লাখ ডলাৰৰ শ্বেয়াৰ নিজ প্ৰতিষ্ঠানৰ ৫০ জন কৰ্মীৰ মাজত বিতৰণ কৰিলে মাৰ্কিন উদ্যোগপতি ট্ৰেভৰ মিল্টনে।ভাৰতীয় মুদ্ৰাত এই ধনৰাশিৰ পৰিমাণ হ’বগৈ প্ৰায় ১,৭২২কোটি টকা।নিকোলা কৰ্প’ৰেছনৰ প্ৰতিষ্ঠাতা এইজন মিল্টনে বৈদ্যুতিক ট্ৰাক বনোৱাৰ বাবে এটি উদ্যোগ স্থাপন কৰাৰ সময়ত প্ৰথমে যোগদান কৰা ৫০ জন কৰ্মী ৰ মাজত বিতৰণ কৰা হয় এই শ্বেয়াৰ।
উল্লেখ্য যে মিল্টনে উদ্যোগটো স্থাপন কৰাৰ সময়তে যোগদান কৰা ৫০ জন কৰ্মীক শ্বেয়াৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল।সেই প্ৰতিশ্ৰুতি এতিয়া পূৰ্ণ কৰিলে ।নিজ উদ্যোগৰ কৰ্মীসকলক শ্বেয়াৰ প্ৰদানৰ কথা টুইটাৰযোগেও সদৰী কৰিছে মিল্টনে।সম্প্ৰতি বিশ্বৰ প্ৰথম পাঁচশ বিত্তশালী লোকৰ তালিকাত ট্রেভৰ মিল্টনৰো নাম আছে ।মিল্টনৰ সম্পত্তিৰ পৰিমাণ বৰ্তমান ৪৬০কোটি ডলাৰ।অৱশ্যে এই শ্বেয়াৰ প্ৰদানৰ পাছত সম্পত্তিৰ পৰিমাণ সাম্যকভাৱে হ্ৰাস পাব।































