Zubeen Garg: অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ কায়িকভাৱে আঁতৰি যোৱাৰ এটা বছৰ সম্পূৰ্ণ হ’ল । আজিৰ দিনটোত প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰিছে প্ৰাণৰ শিল্পীগৰাকীক । ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী । মৰাণৰ কচুমাৰী ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা মহান শিল্পীগৰাকীৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি আজি উন্মোচন কৰা হয় ।
ADVERTISEMENT
গায়ন-বায়ন, আয়তীৰ উৰুলিৰ মাজেৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰে মাহমৰা সমষ্টিৰ বিধায়ক সুৰুয দিহিঙীয়াই । ইয়াৰ লগে লগে সমবেত সকলোৱে একেলগে ‘মায়াবিনী’ গীত পৰিৱেশন কৰি শ্ৰদ্ধাৰে সোঁৱৰে প্ৰাণৰ শিল্পীগৰাকীক ।






























