কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্য অনুসৰি দৈনিক ৯০,৮০২ জন আক্ৰান্ত হোৱাৰ পাছত ব্ৰাজিলক চেৰ পেলাই ভাৰতে দ্বিতীয় স্থান দখল কৰিছে । ভাৰতত দৈনিক ৯০ হেজাৰতকৈ অধিক আক্ৰান্তৰ ঘটনাৰ আজি দ্বিতীয়টো দিন । দেশত ৮.৮২ লাখ লোক চিকিৎসাধীন অৱস্থাত আছে আৰু আজি পুৱা পর্যন্ত সুস্থতাৰ হাৰ হৈছে ৭৭%। বিশ্বত কৰ’নাত সৰ্ব্বোচ্চ আক্ৰান্ত হোৱা দেশৰ তালিকাত প্ৰথম স্থানত থকা আমেৰিকা মুঠ ৬২.৭৫ লাখ কৰ’নাত আক্ৰান্ত হৈছে, যিটো ভাৰততকৈ ২০ লাখ অধিক।
চাওঁ আহক দেশত কৰ’না ভাইৰাছৰ শেহতীয়া কিছু তথ্য –
■ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিগত মাহত ভাৰতে বিশ্বৰ আটাইতকৈ বেছি দৈনিক কৰ’নাত আক্ৰান্ত হৈছে।
■ মহাৰাষ্ট্ৰ, অন্ধ প্ৰদেশ, তামিলনাডু, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশত সকলোতকৈ বেছি কৰ’নাত আক্রান্ত হৈছে। বিগত ২৪ ঘণ্টাত এই পাঁচখন ৰাজ্যত আটাইতকৈ বেছি সংক্ৰমিত হৈছে।
■ দেশত আজিৰে পৰা মেট্ৰ’সেৱা আৰম্ভ হোৱাৰ পাছতে কৰ’নাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে ।
■ দেশত এই পর্যন্ত ৩২.৫ লাখ আক্ৰান্ত সুস্থ হৈ উঠিছে । আৰু বিগত ২৪ ঘণ্টাত ৬৯ হেজাৰ আক্ৰান্ত সুস্থ হৈ উঠিছে। অন্যহাতে, দেশত ৭১,৬৪২ জন ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে আৰু কালিৰ পৰা আজি পৰ্যন্ত ১,০১৬ জনৰ মৃত্যু হৈছে।
■ যোৱা ২৪ ঘণ্টাত প্ৰায় ৭.২ লাখ ক’ভিড টেষ্ট কৰা হৈছে।
■ এই সপ্তাহত ১.৪৩ লাখ আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে।
■ সমগ্ৰ বিশ্বত কৰ’নাত আক্রান্ত মৃতকৰ সংখ্যা হয়গৈ ৮.৮৩ লাখ। কৰ’নাত সৰ্ব্বোচ্চ আক্ৰান্ত দেশ আমেৰিকা আৰু ভাৰতৰ পাছতে আছে ব্ৰাজিল, ৰাছিয়া আৰু পেৰু ।