মাৰাত্মক কৰ’নাৰ চিকিৎসাৰ বাবে বহু চর্চিত প্লাজমা থেৰাপিয়ে ভাইৰাছৰ ফলত মৃত্যু ৰােধ কৰিব নােৱাৰে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ)ৰ অধ্যয়নত এই তথ্য উদ্ধাৰ হৈছে । দেশৰ সর্বোচ্চ চিকিৎসা গৱেষক সংস্থাটোৱে দেশজুৰি ৩৯খন হাস্পতালত ক’ভিড-১৯ৰ পৰীক্ষাত প্লাজমা থেৰাপিৰ ফলপ্রসূতাৰ ওপৰত অধ্যয়ন কৰি এই তথ্য প্রকাশ কৰে।
ইয়াৰ বাবে চলিত বৰ্ষৰ ২২ এপ্রিলৰ পৰা ১৪ জুলাইলৈ আই চি এম আৰে পৰীক্ষা সম্পন্ন কৰে । সামান্যভাৱে অসুস্থ দেশজুৰি ১২শ ৰােগীৰ পৰীক্ষা কৰা হয়। ইয়াৰে ভিতৰত ২৯খন চৰকাৰী হাস্পতাল আৰু ১০খন ব্যক্তিগত হাস্পতাল।
মুঠ ২৪খন ৰাজ্য এই পৰীক্ষাত সামৰি লােৱা হৈছে । মুঠ ৪৬৪জন চিকিৎসাধীন আৰু অসুস্থ ৰােগীৰ ওপৰত এই অধ্যয়ন কৰা হয়। অধ্যয়নটোৰ মতে প্লাজমা থেৰাপিয়ে অতি গুৰুতৰভাৱে আক্রান্ত ক’ভিড ৰােগীৰ মৃত্যুৰ হাৰ হ্রাস নকৰাৰ তথ্য উদ্ধাৰ হয়।