বিগত ২৪ ঘণ্টাত ৮৩,৮০৯ জন ৰোগী নতুনকৈ আক্ৰান্ত হোৱাৰ পিছত ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যাই ৪৯ লাখৰ সীমা অতিক্ৰম কৰিলে। বিগত ২৪ ঘন্টাত ১০৫৪জন আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱাৰ পাছত মৃতকৰ সংখ্যা হয়গৈ ৮০,০০০ তকৈ অধিক ।
দেশত বৰ্তমান ৯.৯০ লাখ আক্ৰান্ত ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ৩৮.৫১ লাখ ৰোগী সুস্থ হৈ উঠিছে। মহাৰাষ্ট্ৰত আটাইতকৈ বেছি লোক কৰ’না ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত হৈছে। ইয়াৰ পাছত আছে অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশ।
চাওঁ আহক দেশত কৰ’না ভাইৰাছৰ শেহতীয়া তথ্য-
■ এই সপ্তাহত দেশত আগৰ তুলনাত দৈনিক কমকৈ কৰ’নাত আক্ৰান্ত হৈছে । ইয়াৰ আগেয়ে দেশত দৈনিক কৰ’নাত আক্ৰান্ত হৈছিল প্ৰায় ৯০ হেজাৰ লোক।
■ আগষ্ট মাহত দেশত বিশ্বৰ সকলোতকৈ বেছি আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছিল । বিগত ২৪ ঘণ্টাত ১০.৭ লাখ লোকৰ নমুনা পৰীক্ষা কৰা হৈছে বুলি আইচি এম আৰৰ তথ্যত প্ৰকাশ।
■ কৰ’নাৰ ভয়াবহ পৰিস্থিতিৰ মাজতে সোমবাৰৰ পৰা আৰম্ভ হয় সংসদৰ বৰ্ষাকালীন অধিৱেশন। সংসদৰ মুঠ ২৫ জন সাংসদৰ ভিতৰত লোকসভাৰ ১৭ জন সদস্য আৰু ৮ জন ৰাজ্যসভাৰ সদস্যৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে।
■ কৰ’নাত আক্ৰান্ত হোৱা লোকসভাৰ সাংসদৰ ভিতৰত সৰ্বাধিক ১২ জন বিজেপিৰ, YSR কংগ্ৰেছৰ দুজন, শিৱসেনা, ডিএমকে আৰু আৰ এলপি প্ৰত্যেকৰে এজন এজন।
■ কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত দিল্লীৰ উপমুখ্যমন্ত্ৰী মনিষ চিচ’দিয়াই নেতৃত্ব লৈছিল। সোমবাৰে তেওঁ কৰ’না ভাইৰাছৰ পৰীক্ষা কৰে আৰু ফলাফল পজিটিভ আহে। এক টুইট যোগে কৰ’নাত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰে আৰু সুস্থতাৰ বাবে নিজকে আইছ’লেচনত ৰাখে।
■ বিশ্বত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ সুস্থতাৰ হাৰ ৭৭.৯৯%। সোমবাৰে ভাৰতে আটাইতকৈ বেছি সুস্থতাৰ হাৰেৰে ব্ৰাজিলক অতিক্ৰম কৰিছে।
■ বিশ্বত ২.৮৯ কোটিতকৈ অধিক লোক আক্ৰান্ত হৈছে কৰ’নাত আৰু মৃত্যু হৈছে ৯.৩২ লাখ।
■ আমেৰিকাত আটাইতকৈ বেছি ১.৯৪ লাখ কৰ’নাত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে । ইয়াৰ পিছতে ব্ৰাজিলত ১.৩১ লাখ, ভাৰতত ৮০,৫২১ লাখ, মেক্সিকোত ৭০,৮২১ লাখ আৰু ব্ৰিটেইনত ৪১,৬২৮ জনৰ মৃত্যু হৈছে।





























