সম্প্ৰতি সমগ্ৰ বিশ্বত কৰ’নাৰ ভাইৰাছৰ সন্ত্ৰাস । এই সময়ত আমি সকলোৱে কোনোৱে যদি চাকৰি ,কোনোৱে আকৌ ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব লগা হয় । তাৰ মাজতে কৰ’না ভাইৰাছৰ পৰা আপুনি আপোনাৰ পৰিয়ালক কেনেকৈ ৰক্ষা কৰিব? চাওঁ আহক ইয়াৰে কেইটামান উপায় –
ADVERTISEMENT
- বাসগৃহ প্ৰত্যক দিনে চাফাকৈ ৰাখিব ৷ ঘৰৰ দুৱাৰৰ ল’ক, চাবি, ফোন, ৰিমৰ্ট, চকী, ফ্ৰিজৰ হেণ্ডেল আদি ছেনিটাইজাৰ কৰাটো প্ৰয়োজন। তিতা কাপোৰ প্ৰতিদিনে ৰ’দত শুকুৱাটো প্ৰয়োজন । সৰু ল’ৰা-ছোৱালীয়ে ব্যৱহাৰ কৰা পুতলাকে আদি কৰি সামগ্ৰীসমূহ প্ৰত্যেক দিনে ছেনিটাইজাৰ কৰক ।
- সঘনাই হাতেৰে নিজৰ মুখ স্পৰ্শ কৰাৰ লগতে পৰিয়ালৰ লোককে স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব লাগে ৷ এই কেইদিনত অন্তত পৰিয়ালৰ লোকৰ লগত খোৱা বস্তু ভগাই খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ এই কেইদিনত অন্তত ভ্ৰমণৰ পৰাও বিৰত থাকক ৷ প্ৰায় ২০ ছেকেণ্ডৰ অন্তৰে অন্তৰে হাত ধোৱাৰ অভ্যাস কৰি তোলক ।
- সকলোৱে কাপোৰেৰে তৈয়াৰী মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰি তোলক । সামাজিক দূৰত্ব বৰ্তাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়। যেতিয়া প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ যাব তেতিয়া ইয়াৰ হেণ্ডেলসমূহ ছেনিটাইজ কৰাটো প্ৰয়োজনীয়। গ্ল’ৱছ পৰিধান কৰি বাহিৰলৈ যাওক ৷ লক্ষ্য কৰিব যাতে প্ৰত্যক বাৰে মুখখন স্পৰ্শ কৰি নাথাকে। লগতে ঘৰলৈ সোমোৱাৰ আগতে পৰিধান কৰা জোতা, ছেণ্ডেলসমূহ বাহিৰতে ৰাখিব ৷
- ঘৰত সোমোৱাৰ আগতে কাপোৰ সলাই যাব বা ধুই দিব ৷ পৰিয়ালৰ অন্যান্য সদস্যৰ পৰা নিজৰ কাপোৰ বেলেগকৈ ৰাখিব । কাপোৰৰ লগতে আপুনি পৰিধান কৰা অলংকাৰসমূহ ছেনিটাইজ কৰাটো প্ৰয়োজন ৷
- অন লাইন বস্তু অৰ্ডাৰ দিওতে পইচা অনলাইনেই দিয়ক ৷ আৰু অনলাইন বস্তু দিবলৈ অহাজনৰ লগত কমেও ৬ ফুট দূৰত্ব বৰ্তাই ৰাখিব ৷
- আনহাতে,ঘৰত পোহনীয়া কুকুৰৰ পোৱালীসমূহৰ পৰাও আঁতৰি থাকক । ঘৰতে মাস্ক পৰিধান কৰি থাকক । যিসমূহ সামগ্ৰী বেছিকৈ স্পৰ্শ কৰি থাকে সেইসমূহ ছাফা কৰি ৰাখক ৷
- যদি সম্ভৱ হ’য় তেন্তে পৃথককৈ বাথৰুম ব্যৱহাৰ কৰক ৷
- এইকেইদিন কোনো বাহিৰৰ লোক আপোনাৰ ঘৰলৈ অহাত সম্ভৱ হ’লে বাধা দিব।






























