সম্প্ৰতি ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ পৰা ৰক্ষা পাবলৈ আমি সকলোৱে পাৰ্যমানে কিছু নীতি নিয়ম মানি চলিছো । কৰ’না ভাইৰাছৰ সম্পৰ্কে যিমানখিনি জানো, এই ভাইৰাছ কাৰ্ডবোৰ্ডত প্ৰায় ২৪ ঘণ্টাজুৰি আৰু প্লাষ্টিকত প্ৰায় তিনিদিন জীৱিত অৱস্থাত থাকে ।
অন্য এক গৱেষণাত পোৱা গৈছে যে, এই ভাইৰাছ কাঁচ, ধাতু আৰু প্লাষ্টিকত ন দিন পর্যন্ত জীৱিত অৱস্থাত থাকে । এই ভাইৰাছৰ সংক্ৰমণৰ পৰা আঁতৰত থকাৰ এক উপায় হ’ল নিয়মিতভাৱে সঘনাই স্পৰ্শ কৰি থকা বস্তুবোৰ জীৱাণুমুক্ত কৰা । আনহাতে, এইটো এক ভাল খবৰ যে, ঘৰুৱা সামগ্ৰীবোৰক জীৱাণুমুক্ত কৰিবলৈ ইতিমধ্যে আপোনাৰ ঘৰত প্ৰয়োজনীয় বস্তুবোৰ আছেই । ইয়াৰে কেইটামান উপায় তলত উল্লেখ কৰা হ’ল-
■ CDCP য়ে ভাইৰাছ নির্মূলৰ বাবে মিশ্ৰিত ব্লিচ(Bleach) ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰাৰ উদ্দেশ্যে এক গিলান পানীৰ স’তে আধা কাপ ব্লিচ মিহলাই ল’ব লাগে। হেণ্ড গ্লোভছ পৰিধান কৰিবলৈ কিন্তু পাহৰি নাযাব । Ammonia বা অন্য কোনো ৰাসায়নিক দ্ৰব্যৰ স’তে মিহলাই নিদিব ।
■ Ispropyl Alcohol- কঠোৰ পৃষ্ঠতল পৰিষ্কাৰ কৰিবলৈ ৭০% এলকহলযুক্ত দ্ৰব্য ব্যৱহাৰ কৰিব লাগে। Detergent আৰু পানীৰ সহায়ত তলপৃষ্ঠটি পৰিষ্কাৰ কৰাৰ পাছত এলকহলযুক্ত দ্ৰব্য প্ৰয়োগ কৰিব লাগে।

■ Hydrogen Peroxide- CDCP ৰ মতে, কমেও ৩% হাইড্ৰজেন পেৰ’ক্সাইডে Rhino virusক প্ৰতিহত কৰাত সহায় কৰে। ইয়াৰ তুলনাত অতি সোনকালে ই কৰ’নাভাইৰাছকো আপুনি এটা স্প্ৰে বটলত হাইড্ৰজেন পেৰ’ক্সাইড ঢালি পৰিষ্কাৰ কৰাৰ সময়ত স্প্ৰে কৰিব পাৰে। পৰিষ্কাৰ কৰা ঠাইত স্প্ৰে কৰাৰ ১ মিনিটৰ পাছত কাপোৰেৰে মোহাৰি দিব । হাইড্ৰজেন পেৰ’ক্সাইডে ব্লিচৰ দৰে কাম কৰে ।

■ চাবোন আৰু পানী- কমেও ২০ চেকেণ্ডৰ বাবে আপুনি আপোনাৰ হাতখন চাবোন আৰু পানী ব্যৱহাৰ কৰি ভালদৰে ধুব । ইয়াৰ বাবে যিকোনো চাবোন আপুনি ব্যৱহাৰ কৰিব পাৰে ।






























