স্বাস্থ্য বিধি পালন নকৰাকৈ অস্বাস্থ্যকৰ পৰিৱেশত বসবাস কৰা, সঠিক ছেনিটাইজেচন ব্যৱস্থা অৱলম্বন নকৰা বা অপৰিশােধিত পানী ব্যৱহাৰ কৰা লােকসকলৰ মাজত কৰ’নাৰ সংক্ৰমণত মৃত্যুৰ হাৰ সর্বনিম্ন হােৱাটো পৰিলক্ষিত হৈছে। কাউন্সিল অৱ ছায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্রিয়েল ৰিছাৰ্চ, পুনেৰ নেচনেল চেণ্টাৰ ফৰ চেল ছায়েন্স আৰু চেন্নাইৰ মেথেমেটিকেল ইনষ্টিটিউট গৱেষকে যৌথভাৱে চলােৱা গৱেষণামূলক অধ্যয়নৰ প্রতিবেদনত এই কথা উল্লেখ কৰা হৈছে ।
গৱেষণাটো চলোৱা তিনি প্ৰতিষ্ঠানৰ গৱেষকে প্ৰকাশ কৰা মতে, যিসকল লোকে অস্বাস্থ্যকৰ পৰিৱেশত বসবাস কৰে, তেওঁলোকৰ সহজভাৱে ৰোগ প্ৰতিৰোধক ক্ষমতা অধিক হয়। ফলত অপৰিষ্কাৰ পৰিৱেশত বাস কৰা লােকৰ শৰীৰক কৰ’না ভাইৰাছে বিশেষভাৱে ক্ষতি কৰিবলৈ সক্ষম নহয়। বিহাৰৰ বিস্তীর্ণ অঞ্চলত অপৰিশােধিত পানী ব্যৱহাৰ কৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত বসবাস কৰা লােকৰ সংখ্যা যথেষ্ট যদিও ৰাজ্যখনত ক’ভিড-১৯ সংক্ৰমণত মৃত্যুৰ হাৰ অর্থাৎ চি এফ আৰ হৈছে মাত্র ০.৫ শতাংশ।
ইয়াৰ বিপৰীতে ভাৰতত ক’ভিড-১৯ সংক্ৰমণত মৃত্যুৰ গড় হাৰ হৈছে ১.৫ শতাংশ। আনহাতে, কেৰালা আৰু অসমতাে কৰ’নাত মৃত্যুৰ গড় হাৰ হৈছে ০.৪ শতাংশ । একেদৰে তেলেংগানাত এই হাৰ হৈছে ০.৫ আৰু ঝাৰখণ্ড- চত্তিছগড়ত চি এফ আৰ হৈছে ০.৯ শতাংশ।
অধ্যয়নটো চলােৱা তিনি প্রতিষ্ঠানৰ গৱেষকে প্রতিবেদনত লগতে প্ৰকাশ কৰা মতে, মহাৰাষ্ট্র, গুজৰাট আৰু পঞ্জাৱৰ দৰে দেশৰ উন্নত তথা স্বাস্থ্যসম্মত ৰাজ্যসমূহত ক’ভিড-১৯ত সংক্রমিত হৈ হােৱা মৃত্যুৰ হাৰ হৈছে দুই শতাংশ বা ততােধিক। অপৰিশােধিত পানী ব্যৱহাৰ কৰা আৰু ছেনিটাইজেন ব্যৱস্থা মুঠেও পালন নকৰা অঞ্চলসমূহত ক’ভিড-১৯ত মৃত্যুৰ হাৰ সীমিত বুলি প্রতিবেদনতটোত গৱেষকে উল্লেখ কৰিছে।
ইয়াৰ কাৰণ প্ৰদৰ্শন কৰি গৱেষকে কৈছে পৰিৱেশ যিমানে অস্বাস্থ্যকৰ হয়, তেনে পৰিবেশত বাস কৰা লােকৰ ৰােগ প্ৰতিৰােধক ক্ষমতা অধিক হয়। দিল্লীৰ এইমছৰ প্রাক্তন চিকিৎসক কে এন মেহৰাই এই সন্দৰ্ভত মন্তব্য কৰি কয়, “ভাৰতত ক’ভিড-১৯ৰ সংক্ৰমণৰ তীব্রতা কম হােৱাৰ অন্যতম এক কাৰণ হৈছে ইউৰােপীয় আৰু আমেৰিকাবাসীৰ তুলনাত আমাৰ দেশবাসীৰ ৰােগ প্রতিৰোধক ক্ষমতা যথেষ্ট বেছি । ক’ভিডতকৈ অন্য ভাইৰাছ অধিক প্রাণঘাতক । কিন্তু এই ভাইৰাছৰ সংক্ৰমণৰ হাৰ যথেষ্ট বেছি । কিন্তু সংক্ৰমণৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ অতি কম হােৱাটো স্বাভাৱিক।”





























