চলিত মাহৰ আৰম্ভণিতে দেশত দৈনিক কৰ’না আক্রান্তৰ সংখ্যা ৪০ হেজাৰৰ পৰা ৫০ হেজাৰৰ ভিতৰত পোৱা গৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি বিগত ২৪ ঘণ্টাত ৪৫ হেজাৰ ৯০৩ জন নতুনকৈ আক্রান্ত হোৱাৰ পিছত দেশত মুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ ৮৫,৫৩,৬৫৭ জন । সমগ্ৰ বিশ্বত কৰ’নাত আক্ৰান্ত হোৱাৰ তালিকাত প্ৰথম স্থানত থকা আমেৰিকাত মুঠ আক্ৰান্ত হৈছে ৯৯,৬২,০০০ জন আৰু তৃতীয় স্থানত থকা ব্ৰাজিলত মুঠ আক্ৰান্ত হৈছে ৫৬,৬৪,০০০ ।
সমগ্ৰ দেশতে মুঠ মৃতকৰ সংখ্যা ১ লাখতকৈ অধিক হ’লেও ইউৰোপ আৰু আমেৰিকাৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ বহু কম । বিগত ২৪ ঘণ্টাত ৪৯০ জন লোকৰ মৃত্যু হোৱাৰ পিছত মৃতকৰ সংখ্যা হয়গৈ ১,২৬,৬১১ জন । ইয়াৰে প্ৰায় ১ তৃতীয়াংশৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত ।
দ্বিতীয় আৰু তৃতীয় স্থানত আছে কৰ্ণাটক আৰু তামিলনাডু । ইয়াৰ পিছতে আছে উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, পশ্চিমবঙ্গ, দিল্লী । পঞ্জাৱ, গুজৰাট, মধ্যপ্ৰদেশ, চট্টিশগড়, ৰাজস্থান, হাৰিয়ানাতো মৃত্যুৰ হাৰ উল্লেখযোগ্য।
আনহাতে, দেশত ক’ভিডত আক্ৰান্তৰ সুস্থতাৰ হাৰো আশাব্যঞ্জক । এই পর্যন্ত দেশত মুঠ ৭৯,১৭,৩৭৩ জন সুস্থ হৈ উঠিছে । মুঠ সুস্থতাৰ হাৰ ৯২% । বিগত ২৪ ঘণ্টাত দেশত ৪৮,৪০৫ জন লোক সুস্থ হৈ উঠিছে।





























