দেশজুৰি কৰ’নাৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পাইছে । বিশ্বৰ ক’ভিড সংক্ৰমণৰ নিৰিখত বৰ্তমান প্ৰথম স্থানত আছে আমেৰিকা । আমেৰিকাত সৰ্বমুঠ এক কোটি ৫৫ লাখ ৯৯ হেজাৰ ১২২ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । ভাৰতত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা ৯৭ লাখ ৬৭ হেজাৰ ৩৭১ জন । বৰ্তমান ভাৰতত দৈনিক সংক্ৰমণৰ হাৰ প্ৰায় ৩০ হেজাৰৰ আশে-পাশেই আছে । দৈনিক সংক্ৰমণ হ্ৰাস পালেও এনেদৰে সংক্ৰমিত হৈ থাকিলে কিছু দিনৰ ভিতৰতে ভাৰতেও কোটিৰ ঘৰ অতিক্ৰম কৰিব ।
আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশজুৰি নতুনকৈ ২৯ হেজাৰ ৩৯৮ জন লোক ন’ভেল কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে , বিগত দিনতকৈ দুই হেজাৰ ১২৩ জন লোক কমকৈ সংক্ৰমিত হৈছে । বৰ্তমান সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা তিনি লাখ ৬৩ হেজাৰ ৭৪৯ জন ।
বিগত ২৪ ঘণ্টাত ভাৰতত ৪১৪ জন কৰ’না ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত ৭০ জন, দিল্লীত ৬১ জন, পশ্চিম বংগত ৪৯ জনৰ মৃত্যু হৈছে । কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ ৰোগীৰ সংখ্যা এক লাখ ৪২ হেজাৰ ১৮৬ জন ।
অতিমাৰীত সংক্ৰমণ আৰু মৃত্যু অব্যাহত আছে যদিও বহু কৰ’না ৰোগী সুস্থ হৈও উঠিচে । আক্ৰান্তসকলৰ ভিতৰত ৯২ লাখ ৯০ হেজাৰ ৮৩৪ জন ৰোগী সুস্থ হৈ উঠিছে । যোৱা ২৪ ঘণ্টাত ৩৮ হেজাৰ ৫২৮ জনকৈ লোক সুস্থ হৈ উঠিছে । যোৱা ২৮ নৱেম্বৰৰ পৰা দৈনিক সংক্ৰমণতকৈ সুস্থতাৰ হাৰ বৃদ্ধি পাইছে । বৰ্তমান সুস্থতাৰ হাৰ হৈছে ৯৪.৮৪ শতাংশ ।
প্ৰতিদিন যিমান সংখ্যক লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় আৰু ইয়াৰ ভিতৰত যিমান শতাংশৰ ফলাফল ধনাত্মক আহে তাকে ‘প’জিটিভিতি ৰেট’ বা সংক্ৰমণৰ হাৰ বোলা হয় । বিগত ২৪ ঘণ্টাত ভাৰতত আঠ লাখ ৭২ হেজাৰ ৪৯৭ জন লোকৰ পৰীক্ষণ কৰা হৈছে । বৰ্তমান যিহেতু নতুনকৈ সংক্ৰমিত কম সেয়েহে সংক্ৰমণৰ হাৰো কমি ৩.৩৭ শতাংশ হৈছে । পূৰ্বতে সংক্ৰমণৰ হাৰ ৩.৪২ শতাংশ আছিল ।





























