নতুন কৃষি আইন প্রত্যাহাৰৰ দাবীত দিল্লীত অব্যাহত থকা কৃষকৰ প্রতিবাদী কাৰ্যসূচীলৈ পুত্ৰৰ বিবাহত উপহাৰ স্বৰূপে লাভ কৰা সকলাে ধন দান কৰিছে পঞ্জাৱৰ এটি পৰিয়ালে। ৰাজ্যখনৰ শ্ৰী মুক্তচাৰ চাহিবস্থিত পৰিয়ালটোৰ তৰফৰ পৰা বিবাহৰ অতিথিসকলক উপহাৰ জাতীয় সামগ্রীৰ পৰিৱর্তে কেৱল নগদ ধন আগবঢ়াবলৈকো অনুৰােধ কৰে। কৃষকৰ প্রতিবাদে আজিৰ দিনটোত ষষ্ঠদশ দিনত প্রৱেশ কৰাৰ সমান্তৰালভাৱে পঞ্জাৱৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ পৰাই সমর্থন লাভ কৰিবলৈ সক্ষম হৈছে।
সম্প্রতি প্রতিবাদৰ কোনাে ধৰণৰ সমাধান সূত্র সন্মুখলৈ নহা অৱস্থাত চৰকাৰ আৰু প্ৰতিবাদীসকলৰ মাজত উত্তেজনা বৃদ্ধি পাবলৈ লৈছে। এনে সময়তে শ্রী মুক্তচাৰ চাহিবস্থিত পৰিয়ালটোৱে কৃষকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে। পৰিয়ালটোৱে ঘৰৰ বিয়াখনলৈ অহা অতিথি তথা বন্ধুবৰ্গক এই বিশেষ অনুৰােধ জনােৱাৰ লগতে উপহাৰ হিচাপে লাভ কৰা ধন প্রতিবাদী কৃষকসকলক দিব বুলিও স্পষ্ট কৰিছে। বিবাহ ঘৰত অতিথিসকলে ধন দিব পৰাকৈ এটি বাকচৰাে ব্যৱস্থা কৰা হৈছে।
দৰা অভিজিৎ সিঙে এই সন্দৰ্ভত কয়, ‘এয়া আমাৰ বাবে সংঘৰ্ষৰ সময় আৰু এই সময়ত আমি একতাৰে আগবাঢ়িব লাগিব। সকলােৱে এই সময়ত সহায় আগবঢ়োৱাটো প্রয়ােজন। মই বিচাৰিম নতুন প্ৰজন্মৰ সকলােৱে এই সময়ত সমাজৰ বাবে কিবা এটা আগবঢ়াব পাৰে। অৱশ্যে একো দিব নােৱাৰিলেও সমর্থন নিশ্চিতভাৱেই আগবঢ়াব পাৰিব। ইয়াৰ বাহিৰেও সমগ্ৰ পৰিয়ালটোৱে কৃষকসকলৰ বাবে কিবা এটা কৰিবলৈকো সহমত ব্যক্ত কৰিছে। অভিজিতে পুনৰ কয়, “আমি ইয়াত উদ্যাপনত ব্যস্ত আছাে; কিন্তু কৃষকসকলে প্রতিবাদত বহি আছে।
সেয়েহে এই সময়ত আমি সমর্থন আগবঢ়োৱাৰ বাহিৰে আন গত্যন্তৰ নাই। সম্প্রতি দিল্লীৰ প্ৰতিবাদত মূলতঃ পঞ্জাৱৰ কৃষকসকলে অধিক হাৰত যােগদান কৰিছে। যােৱা ছেপ্টেম্বৰত কেন্দ্রই গৃহীত কৰা তিনিখন কৃষি আইন প্রত্যাহাৰেই কৃষকসকলৰ মূল দাবী। এই প্রতিবাদলৈ এতিয়া বিভিন্ন বিৰােধী ৰাজনৈতিক দলেও সমর্থন ব্যক্ত কৰিছে। প্রতিবাদলৈ সম্প্রতি তৰুণ প্রজন্মৰ বিভিন্নজনেও সমর্থন আগবঢ়াইছে।
পঞ্জাৱৰ কৰ্ণালস্থিত এজন যুৱকে নিজৰ বিয়াত বিলাসী বাহনৰ পৰিৱর্তে ট্ৰেক্টৰত উঠি গৈ কৃষকসকলক সমর্থন জনােৱাৰ চেষ্টা কৰে। যুৱকজনৰ নাম সুমিত ধুল। কর্ণালৰ ছেক্টৰ ছয়ত ঘৰ যুৱকজনৰ। বিবাহৰ বাবে এখন মাৰ্টিডিজ গাড়ী সজাই-পৰাই তােলা হৈছিল যদিও সুমিতে সেইখনত নুঠিলে। যােৱা সপ্তাহত কৃষকৰ প্রতিবাদক লৈ বহুলানি আলােচনা অনুষ্ঠিত হৈছিল যদিও কোনাে ধৰণৰ সমাধান নােলাল।