●কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ৰিপ’ৰ্ট অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ২৬ হেজাৰ ৬২৪ জন লোক ।
●ফলত মুঠ সংক্ৰমিতৰ সংখ্যা হৈছে এক কোটি ৩১ হেজাৰ ২২৩ জন ।
●সংক্ৰমণৰ নিৰিখত ভাৰত এতিয়াও দ্বিতীয় স্থানত আছে ।
●ভাৰতত মুঠ সুস্থ হোৱা লোকৰ সংখ্যা ৯৬ লাখ ৮০ হেজাৰ ৪০২ জন ।
●স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ২৯ হেজাৰ ৯৬০ জন লোক ।
●যোৱা ২৪ ঘণ্টাত কৰ’না আক্ৰান্ত ৩৪১ জন ৰোগীৰ মৃত্যু হৈছে ।
●ইয়াৰ লগতে ভাৰতত কৰ’না অতিমাৰীৰ ফলত প্ৰাণ হেৰুৱাইছে মুঠ এক লাখ ৪৫ হেজাৰ ৪৭৭ জন লোকে ।
●স্বাস্থ্য মন্ত্ৰণালয়ে দাবী কৰে যে মৃত্যু হোৱা লোকৰ ভিতৰত ৫৩ শতাংশই ৬০ বছৰৰ উৰ্দ্ধৰ ।





























