■১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা টিকাকৰণৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।
■সম্প্ৰতি ভাৰতত তিনি হেজাৰ ৩৬৮ টা শিবিৰত এক লাখ ৪৬ হেজাৰ লোকে প্ৰতিষেধক গ্ৰহণ কৰে ।
■কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত প্ৰাণ হেৰুওৱা সকলৰ ভিতৰত কাৰো ক্ষেত্ৰতে প্ৰতিষেধকৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাই ।
■প্ৰশাসনে জনায় যে, ক’ৱিন এপ্ সঠিকভাৱে পৰিচালিত হোৱাৰ বাবে এই তথ্য পোৱা গৈছে ।
■বিগত ২৪ ঘণ্টাত ১৪ হেজাৰ ৮৪৯ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
■মুঠ আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ছয় লাখ ৫৪ হেজাৰ ৫৩৩ জন ।
■ক’ভিড আক্ৰান্ত হৈ এক লাখ ৫৩ হেজাৰ ৩৩৯ জন লোকে প্ৰাণ হেৰুৱাইছে ।
■যোৱা ২৪ ঘণ্টাত ১৫৫ জন লোকে প্ৰাণ হেৰুৱাইছে ।
■ক’ভিড আক্ৰান্ত ৰোগীৰ সুস্থতাৰ সংখ্যা হৈছে এক কোটি তিনি লাখ ১৬ হেজাৰ ৭৮৬ জন ।
■বিগত ২৪ ঘণ্টাত ১৫ হেজাৰ ৯৮৪ জন লোক সুস্থ হৈছে ।





























