ধুবুৰী কোকৰাঝাৰত পুনৰ সক্ৰীয় হৈ উঠিছে চোৰাং গৰু , ম’হৰ সৰবৰাহ । দীৰ্ঘ দিন ধৰি একাংশ গৰু , ম’হৰ চোৰাং ব্যবসায়ীয়ে দুয়ো খন জিলাৰ আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি দিনে নিশাই চলাইছে হাজাৰ হাজাৰ গৰু , ম’হৰ ৰমৰমীয়া বেহা ।তেনে সময়তে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্ত বৰ্তি অঞ্চলৰ খুটাবাগৰা গাওঁৰ গাওঁ ৰক্ষী বাহিনীৰ সম্পাদক কপিল উদ্দিন তালুকদাৰ , খুটাবাগৰা আঞ্চলিক এ বি আমছুৰ সভাপতি বছিৰ আহামেদ আৰু আনোৱাৰ হুছেইন নামৰ লোক তিনিজনে বহি : ৰাজ্যৰ পৰা গৰু মহ সমুহ ক্ৰয় কৰি নি অসম – পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰ চেক গেটেৰে অসমৰ কোকৰাঝাৰ জিলাত প্ৰৱেশ কৰায় ।
পিছত নিশাৰ এন্ধাৰৰ সুযোগ গ্ৰহন কৰি গৰু , ম’হসমুহ কোকৰাঝাৰৰ পৰা কাজিগাও হৈ ধুবুৰী জিলাৰ বিভিন্ন চৰ অঞ্চলত প্ৰৱেশ কৰাই ধুবুৰী আৰু দক্ষিণ – শখলমাৰা মানকাচৰ জিলাৰ ব্ৰহ্মপুত্ৰ নদী পথেৰে বাংলাদেশলৈ প্ৰেৰন কৰি গৰু , ম’হৰ ৰমৰময়ীয়া বেহা চলাই গৈ দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এই সকল চোৰাং গো মাফিয়াই ।এনে দৰে দীৰ্ঘ দিন ধৰি ধুবুৰী জিলাৰ আৰু কোকৰাঝাৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি এই সকল গো মাফিয়াই গৰু , ম’হৰ ৰমৰমীয়া ব্যবসায় চলাই যোৱা বুলি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাই এক পোপন তথ্য লাভ কৰে । উক্ত তথ্যৰ ভিত্তিত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত আৰক্ষীৰ এটি বৃহৎ দলে যোৱা নিশা খুটাবাগৰা অঞ্চলত অভিযান চলাই ২৪ টাকৈ মহ জব্দ কৰাৰ লগতে উক্ত তিনিও গৰাকী চোৰাং গো মাফিয়াক গ্ৰেপ্তাৰ কৰে ।