ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ পৰা কৰ’নাৰ নতুন প্ৰজাতি সোমাইছে ভাৰতত । ইয়াকে লৈ যথেষ্ক উদ্বেগো সৃষ্টি হৈছে । দেশৰ বিভিন্ন প্ৰান্তত পুনৰ সংক্ৰমণ হোৱাৰ বাবে কৰ’নাৰ নতুন প্ৰজাতিকে দোষাৰোপ কৰা হৈছে । কিন্তু একাংশ বিশেষজ্ঞই এই তথ্যত মান্তি নহয় ।
তেওঁলোকৰ দাবী, সংক্ৰমণ বৃদ্ধিৰ বাবে দায়ী ‘ছুপাৰ স্প্ৰেডাৰ’সকল । অৰ্থাৎ, বহুতো লোক আছে যাৰ কৰ’না হৈছে কিন্তু তেওঁলোক উপসৰ্গহীন । তেওঁলোকে মানুহৰ ভিৰত আৰু বিভিন্ন স্থানত যোৱাৰ ফলতেই সংক্ৰমণ বৃদ্ধি পাইছে ।
‘মানীকণ্ট্ৰ’ল’ৰ এক সাক্ষাৎকাৰত কৰ্ণাটকত ক’ভিড বিশেষজ্ঞ দলৰ সদস্য ভি ৰবিয়ে দাবী কৰে, ক’ভিডৰ নতুন প্ৰজাতিক সংক্ৰমণ বৃদ্ধিৰ স’তে জড়িত কৰিব নোৱাৰি । কাৰণ এই সংক্ৰমণ বৃদ্ধিৰ বাবে ‘ছুপাৰ স্প্ৰেডাৰ’সকল দায়ী। মহাৰাষ্ট্ৰটো একেই হৈছে । তেওঁ কৰ’না পৰীক্ষণ আৰু চিহ্নিতকৰণৰ পৰিমাণো হ্ৰাস পাইছে বুলি দাবী কৰে ।
দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত কৰ’না সংক্ৰমণৰ বৃদ্ধিয়ে কেন্দ্ৰৰ উদ্বেগ বঢ়াইছে । বিশেষকৈ, মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটক এই তিনিখন ৰাজ্যত দৈনিক সংক্ৰমণ বহু পৰিমাণে বৃদ্ধি পাইছে । মহাৰাষ্ট্ৰ আৰু কেৰালাৰ বহু স্থানত লকডাউনৰ দৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে প্ৰশাসন ।






























